September 4, 2026 7:13 PM

views 14

হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত ভূমিস্খলনৰ বাবে কেইবাখনো যাত্ৰীবাহী ৰে’লৰ চলাচল বাতিল

হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে অসমৰ জামিৰা আৰু মিজোৰামৰ বৈৰবীৰ মাজৰ ৰে'ল পথছোৱাৰে চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰে'লগাড়ীৰ চলাচল বাতিল কৰা হৈছে। এই ভূমিস্খলনৰ ফলত আইজলৰ ছাইৰাং ৰে'ল ষ্টেচনৰ পৰা দেশৰ অন্যান্য প্ৰান্তলৈ যোৱা ৰে'লসমূহ বাতিল কৰাৰ লগতে গন্তব্য স্থান সলনি কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জনোৱা মতে কালি সন্ধিয়া প্ৰবল বৰষুণৰ ফলত ভূমিস্খলন হৈ জামিৰা আৰু বৈৰবীৰ মাজৰ ৰে'লপথৰ কটাখাল-...

September 4, 2026 6:37 PM

views 17

জনতা ভৱনত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কামকাজৰ অগ্ৰগতিৰ খতিয়ান মন্ত্ৰী অতুল বৰাৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বিভাগটোৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কামকাজৰ অগ্ৰগতিৰ খতিয়ান লয়। মন্ত্ৰীগৰাকীয়ে বিভাগৰ বিভিন্ন আঁচনিসমূহৰ সুফল যাতে জনসাধাৰণে সময় মতে লাভ কৰে, তাৰ বাবে আঁচনিসমূহৰ ক্ষীপ্ৰ আৰু ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে বিষয়াসকলক বিভাগীয় কামকাজসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰী বৰাই যোগ্য বিষয...

September 4, 2026 9:33 PM

views 25

সমগ্ৰ দেশতে কাইলৈ শিক্ষক দিৱস উদযাপন

সমগ্ৰ দেশতে কাইলৈ শিক্ষক দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে কাইলৈ অসমতো ব্যাপক উৎসাহ-উদ্দীপনাৰে শিক্ষক দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানতে শিক্ষার্থীসকলে ব্যাপক প্রস্তুতি অব্যাহত ৰাখিছে। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কাইলৈ শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। দিনৰ ১১ ব...

September 4, 2026 6:21 PM

views 17

ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক কাইলৈ চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ’ব

ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক কাইলৈ চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। ইপিনে, জিলা পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ ১৭ গৰাকী শিক্ষকলৈ কৃতি শিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে। জিলা পৰ্যায়ৰ বাচনি সমিতিৰ পৰামৰ্শ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অনুমোদন অনুসৰি আজি বঁটা লাভ কৰা শিক্ষকসকলৰ নাম ঘোষণা কৰা হয়। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কাইলৈ শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। দিনৰ ১১ বজাৰ পৰা হ'বলগীয়া...

September 4, 2026 6:21 PM

views 18

ৰাজ্যৰ প্ৰায় ৯৯ শতাংশ লোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সমৰ্থ হৈছে

ৰাজ্যৰ প্ৰায় ৯৯ শতাংশ লোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ অর্থাৎ UIDAIৰ গুৱাহাটীৰ আঞ্চলিক কার্যালয়ৰ সঞ্চালক এছ কে ছাক্সেনাই প্রকাশ কৰিছে। বৰপেটা চহৰৰ সৰ্বানন্দ পথত আজি এটা আধাৰ সেৱা কেন্দ্ৰ মুকলি অনুষ্ঠানত অংশ লৈ সঞ্চালকগৰাকীয়ে এইদৰে কয়। আধাৰ সম্পৰ্কীয় যিকোনো সমস্যা সমাধানত সহায়ক হোৱাকৈ স্থাপন কৰা এই কেন্দ্ৰটো বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে মুকলি কৰে। সঞ্চালক শ্রী ছাক্সেনাই কয়, যে অসমত ১৮ বছৰৰ উৰ্ধৰ লোকক আধাৰ প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দ্বাৰা নতুন ন...

September 4, 2026 6:05 PM

views 10

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পুখুৰীত মৃতদেহ উদ্ধাৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পুখুৰীত আজি দিনৰভাগত এটা মৃতদেহ উদ্ধাৰ হয়। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ মৃত দেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎ‍সালয়লৈ প্ৰেৰণ কৰে। মৃত যুৱকজন মহাবিদ্যালয়ৰ কাষৰীয়া দাফাদাৰপাৰা গাঁৱৰ ছপিয়াল হুছেইন বুলি চিনাক্ত কৰা হৈছে। যুৱকজনে যোৱা নিশা মহাবিদ্যালয়খনত অনুষ্ঠিত নৱাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠানত অংশ লৈছিল বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষ...

September 4, 2026 6:06 PM

views 17

দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ গুৱাহাটীত উপস্থিত হ’ব

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ'ব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ দিনৰ ১০.৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত উপস্থিত থাকিব। সেইদিনাই বিয়লি ৩ বাজি ১৫ মিনিটত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আন এটা অনুষ্ঠানত ভাগ ল'ব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব।

September 4, 2026 6:00 PM

views 8

শ্রীভূমিৰ কৃষকসকলৰ বাবে সাৰ বিক্ৰী আৰু বিতৰণ ব্যৱস্থাক অধিক স্বচ্ছ, সহজ আৰু প্ৰযুক্তি নিৰ্ভৰ কৰি তুলিবলৈ ম’বাইল এপ্লিকেচন মুকলি

শ্রীভূমি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি জিলাৰ কৃষকসকলৰ বাবে সাৰ বিক্ৰী আৰু বিতৰণ ব্যৱস্থাক অধিক স্বচ্ছ, সহজ আৰু প্ৰযুক্তি নিৰ্ভৰ কৰি তুলিবলৈ এটা ম'বাইল এপ্লিকেচন মুকলি কৰা হয়। জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীয়ে এই এপটো মুকলি কৰাৰ ফলত জিলাৰ কৃষকসকল উপকৃত হ'ব বুলি প্ৰকাশ কৰে । ইয়াৰ ফলত কৃষকসকলৰ সাৰ সম্পৰ্কীয় সেৱা অধিক দ্রুত আৰু ফলপ্ৰসূভাৱে আগবঢ়াই নিয়াত সহায়ক হ'ব বুলি তেওঁ উল্লেখ কৰে। জিলাখনৰ পঞ্জীয়নভুক্ত কৃষকসকলে তেওঁলোকৰ প্ৰয়োজনীয় সাৰ এই এপটোৰ জৰিয়তে অনুমোদিত সাৰ বিক্ৰী কেন্দ্...

September 4, 2026 5:18 PM

views 13

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত ২০২৭ বৰ্ষৰ ১৯ আৰু ২০ ফেব্ৰুৱাৰীত ছ’ল চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত অহা বছৰৰ ১৯ আৰু ২০ ফেব্ৰুৱাৰীত ছ’ল চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত কালি জনতাভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, এই মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জনগোষ্ঠীৰ হেৰাই যাবলৈ ধৰা কৃষি পদ্ধতিকে ধৰি বিভিন্ন পৰম্পৰাক ভৱিষ্যৎ‍ প্ৰজন্মৰ বাবে সাচি ৰাখিব পৰাকৈ নিৰ্মাণ কৰা তথ্যচিত্ৰৰ প্রতিযোগিতা অনুষ্ঠিত হব। ইয়াৰ বাবে প্ৰায় ৭১ খন এনে তথ্য চিত্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। সাংস্কৃতিক ...

September 4, 2026 5:12 PM

views 8

হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত ৰে’লপথত হোৱা ভূমিস্খলনত অঞ্চলটোত ৰে’ল সেৱা ব্যাহত

হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত ৰে'লপথত হোৱা ভূমিস্খলনৰ ফলত অঞ্চলটোত ৰে'ল সেৱা ব্যাহত হৈছে। ভূমিস্খলনৰ ফলত এই ৰে'লপথেৰে চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰে'লগাড়ীৰ চলাচল উত্তৰ-পূব সীমান্ত ৰেলৱেই বাতিল কৰিছে। ৰে'ল বিভাগৰ উদ্ধৃতিৰে আকাশবাণীৰ হাইলাকান্দিৰ সংবাদদাতাই জানিবলৈ দিয়া মতে জামিৰা ৰে'ল ষ্টেচনৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ নিলগৰ ৰে'লপথত মাটি খহি পৰাৰ ফলত ৰে'ল চলাচল ব্যাহত হৈছে। এই ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ছাইৰাং-গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ীখন হাইলাকান্দি ৰেল ষ্টেচনত আবদ্ধ হৈ আছে। ...