October 6, 2026 6:36 PM

views 10

নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ বিয়লি ৩ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭০.২৫ শতাংশ ভোটদান

অসমৰ নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। নগাওঁ সমষ্টিত বিয়লি ৩ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭০ দশমিক ২-৫ শতাংশ ভোটদান হৈছে। লাহৰিঘাটত সর্বাধিক ৭৪.৭৪ শতাংশ ভোটদান হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ সুকলমে অনুষ্ঠিত হয়। একেদৰে মৰিগাঁও জিলাৰ ৩ টা ভোটগ্রহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটগ্রহণ অনুষ্ঠিত হয়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাই পুৱা ৭ বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১...

October 5, 2026 8:36 PM

views 5

গুৱাহাটী ডবা একাডেমীয়ে অনুষ্ঠিত কৰা গুৱাহাটী একাডেমীত দেওবৰীয়া ডবা প্ৰতিযোগিতাত ৰিয়ান নবিছে চেম্পিয়নৰ খিতাপ

গুৱাহাটী ডবা একাডেমীয়ে কালি অনুষ্ঠিত কৰা গুৱাহাটী একাডেমী দেওবৰীয়া ডবা প্ৰতিযোগিতাত ৰিয়ান নবিছে চেম্পিয়নৰ খিতাপ দখল কৰে। ৰিয়ানে ছখন খেলৰ আটাইকেইখনতে জয়লাভ কৰি সম্পূৰ্ণ ছয় পইণ্ট অৰ্জন কৰে। হেয়ান্স ডেকাই ছখন খেলৰ পৰা ৫.৫ পইণ্ট অৰ্জন কৰি দ্বিতীয় স্থান লাভ কৰে। হিৰণ্য দাসে পাঁচ পইণ্টেৰে তৃতীয় স্থান লাভ কৰে। মৈত্ৰাভ বৰুৱা আৰু গৌৰৱ শৰ্মাই ৪.৫ পইণ্টকৈ অৰ্জন কৰি চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰে। প্ৰিয়ানা নাথে ৪ পইণ্ট অৰ্জন কৰি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছোৱালীৰ সন্মান লাভ কৰে। ছানভি কাশ্যপে ৩.৫ পইণ্ট...

October 5, 2026 8:36 PM

views 11

ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ অধীনত দুখন গুৰুত্বপূৰ্ণ আঁচনিৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ অধীনত দুখন গুৰুত্বপূৰ্ণ আঁচনিৰ নিৰ্মাণ কাৰ্যৰ আজি আধাৰশিলা স্থাপন কৰা হয়। ইয়াৰে প্ৰথমখন আঁচনিৰ অধীনত কঢ়া নদীৰ মৌখোৱা মথাউৰিৰ উচ্চতা বৃদ্ধি আৰু সবলীকৰণ কাৰ্য ৰূপায়ণ কৰা হ'ব। দ্বিতীয়খন আঁচনিত চাৰিকৰিয়া নদীৰ হুজগাঁও, মাণিকপুৰ, চেতিয়াগাঁও আৰু ঘিলাগুৰি গাঁৱৰ খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অঞ্চলটোৰ দীৰ্ঘদিনীয়া বান আৰু খহনীয়া সমস্যা সমাধানৰ লক্ষ্যৰে ৰূপায়ণ কৰিবলগীয়া এই আঁচনিসমূহৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত লখিমপুৰ লোকসভা ...

October 5, 2026 7:54 PM

views 6

পাকিস্তান চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত পুনৰ এজন লোকক গ্ৰেপ্তাৰ

পাকিস্তান চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটী মহানগৰৰ সাতগাঁৱৰ এটা ভাৰাঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা লোকজন বিহাৰৰ বেগুচৰাইৰ ৰিতেশ কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে সুৰক্ষা বাহিনীৰ গোপন তথ্য পাকিস্তান চোৱাংচোৱা সংস্থালৈ প্ৰেৰণ কৰাৰ অভিযোগত বিশেষ কার্যবাহিনীয়ে কালি বিহাৰৰ অভিষেক কুমাৰ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। এই দেশবিৰোধী কাৰ্যত অভিষেক কুমাৰ সিঙক সহায় কৰাৰ অভিযোগত বিশ...

October 5, 2026 8:18 PM

views 5

বি পি এফ নেতৃত্বাধীন বড়োলেণ্ড আঞ্চলিক পৰিষদ, বি টি চিৰ এবছৰীয়া বৰ্ষপূর্তি অনুষ্ঠান কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন

বি পি এফ নেতৃত্বাধীন বড়োলেণ্ড আঞ্চলিক পৰিষদ, বি টি চিৰ এবছৰীয়া বৰ্ষপূর্তি অনুষ্ঠান আজি কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই অনুষ্ঠানৰ অংশ হিচাপে বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কার্যবাহী সদস্য আৰু এম চি এল এ সকলৰ সৈতে দোতমাৰ তুলুঙাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু বাতিপাৰাত বড়োলেণ্ড আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। বি টি চি বিধানসভাত উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰীয়ে পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে বডো...

October 5, 2026 7:56 PM

views 9

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদনখনৰ আজি শুনানি গ্ৰহণ কৰে যদিও অহা ৪ নৱেম্বৰলৈ শুনানি গ্রহণ পিছুৱাই দিয়ে। আজিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই কয়, যে গোচৰটো ফাষ্টট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকা...

October 5, 2026 7:35 PM

views 8

বগীবিল টার্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টার্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভার্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে পৰিবহন আৰু যাতায়াতৰ ক্ষেত্ৰত জলপথৰ ব্যৱহাৰ সুচল আৰু কম খৰচী বুলি উল্লেখ কৰে৷ তেওঁ কয় যে প্রাচীন কালৰে পৰা ব্যৱসায়, বাণিজ্য, পর্যটন আৰু জনসম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত প্ৰাকৃতিকভাৱে সৃষ্ট জলপথসমূহ...

October 5, 2026 2:19 PM

views 9

দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পামেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পামেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছে। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱন, সংস্কৃতি, জনসাধাৰণৰ মাজৰ সংযোগকে ধৰি বিভিন্ন বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত-বিনিময় কৰিব। ৰাষ্ট্ৰপতি পামেলিন শীর্ষ বিষয়া আৰু ব্যৱসায় নেতাসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে আজি পুৱা তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। পথ পৰিবহণ ...

October 5, 2026 2:38 PM

views 27

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে দায়িত্বত নিয়োজিত বিষয়াসকল ৰাওনা 

অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে তামিলনাড়ু, পুডুচেৰী আৰু পশ্চিম বংগৰ পাঁচখন বিধানসভা আসনত কাইলৈ হ’বলগীয়া উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে দায়িত্বত নিয়োজিত বিষয়াসকল ৰাওনা হৈছে। ভোটগ্রহণ হ'বলগীয়া প্ৰতিখন জিলাৰ প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূর্ণ কৰিছে। এই আসনসমূহৰ বাবে শুকুৰবাৰে ভোটগণনা কৰা হ'ব। তামিলনাডুৰ মাদুৰণটকম আৰু ধাৰাপুৰম, পুডুচেৰীৰ থাট্টানছাবাদি, পশ্চিম বংগৰ ৰেজিনগৰ আৰু নন্দীগ্রাম বিধানসভা সমষ্টিৰ বাবে কাইলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। অসমৰ নগাঁও লোকসভা আস...

October 5, 2026 2:29 PM

views 5

চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ভাৰতে আৰু কমেও তিনিখন দেশৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ সুৰক্ষা চুক্তি সম্পাদন কৰাৰ সম্ভাৱনা

চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ভাৰতে আৰু কমেও তিনিখন দেশৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ সুৰক্ষা চুক্তি সম্পাদন কৰাৰ সম্ভাৱনা আছে। আজি নতুন দিল্লীত অনুষ্ঠিত মিউনিখ নিৰাপত্তা সন্মিলনত ভাষণ দি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে দ্বিপাক্ষিক বিনিয়োগ সন্ধিৰ বাবে নতুন আৰ্হি সাজু হৈছে আৰু ইয়াক অধিক বিনিয়োগকাৰী অনুকূল কৰি তুলিবলৈ অতি সোনকালে কেবিনেটৰ অনুমোদন পোৱাৰ সম্ভাৱনা আছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে নতুন এই আৰ্হিয়ে দুয়োপক্ষৰ বিনিয়োগকাৰীক অধিক সুৰক্ষিত কৰাত গুৰুত্ব আৰোপ কৰিব কৰিব বিচাৰিছে...