October 5, 2026 8:36 PM | Akashvani | Chess

printer

গুৱাহাটী ডবা একাডেমীয়ে অনুষ্ঠিত কৰা গুৱাহাটী একাডেমীত দেওবৰীয়া ডবা প্ৰতিযোগিতাত ৰিয়ান নবিছে চেম্পিয়নৰ খিতাপ

গুৱাহাটী ডবা একাডেমীয়ে কালি অনুষ্ঠিত কৰা গুৱাহাটী একাডেমী দেওবৰীয়া ডবা প্ৰতিযোগিতাত ৰিয়ান নবিছে চেম্পিয়নৰ খিতাপ দখল কৰে। ৰিয়ানে ছখন খেলৰ আটাইকেইখনতে জয়লাভ কৰি সম্পূৰ্ণ ছয় পইণ্ট অৰ্জন কৰে।

হেয়ান্স ডেকাই ছখন খেলৰ পৰা ৫.৫ পইণ্ট অৰ্জন কৰি দ্বিতীয় স্থান লাভ কৰে। হিৰণ্য দাসে পাঁচ পইণ্টেৰে তৃতীয় স্থান লাভ কৰে। মৈত্ৰাভ বৰুৱা আৰু গৌৰৱ শৰ্মাই ৪.৫ পইণ্টকৈ অৰ্জন কৰি চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰে।

প্ৰিয়ানা নাথে ৪ পইণ্ট অৰ্জন কৰি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছোৱালীৰ সন্মান লাভ কৰে। ছানভি কাশ্যপে ৩.৫ পইণ্টেৰে দ্বিতীয় স্থান আৰু ত্ৰিশিকা তালুকদাৰে ২.৫ পইণ্টেৰে তৃতীয় স্থান লাভ কৰে।

প্রতিযোগিতাৰ ১৫, ১৩, ১১, ৯ আৰু ৭ অনুর্ধ শাখাত মুঠ ৬০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ইয়াৰে ২২ গৰাকী খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং প্রাপ্ত।

প্রতিযোগিতাখন ছুইছ লীগ পদ্ধতিত মুঠ ৬টা ৰাউণ্ডত ৰেপিড টাইম কণ্ট্ৰ’লত অনুষ্ঠিত হয়। বঁটা বিতৰণী অনুষ্ঠানত বিজয়ী খেলুৱৈসকলক ট্ৰফী আৰু নগদ পুৰস্কাৰ প্ৰদান কৰা হয়৷