ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা ৪৩৯ গৰাকী প্ৰাৰ্থীক আজি চৰকাৰে আনুষ্ঠানিকভাবে নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই উপলক্ষে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীদামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত নিযুক্তি পত্র প্রদান অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব।
এই অনুষ্ঠানত সমবায় বিভাগৰ কাৰ্যালয় সহায়ক পদত ১৫০ গৰাকী, সহকাৰী শাখা প্ৰৱন্ধক পদত ১২৫ গৰাকী প্রার্থীক নিযুক্তি পত্র প্ৰদান কৰা হ’ব। শ্রম কল্যাণ বিভাগত ই এচ আই চি আঁচনিৰ অধীনত ১২ গৰাকী বীমা চিকিৎসা বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।
জনস্বাস্থ্য কাৰীকৰি বিভাগৰ অধীনত ১৮৪ গৰাকী কনিষ্ঠ অভিযন্তা, জলসম্পদ বিভাগৰ অধীনত ৫২ গৰাকী সহকাৰী অভিযন্তা আৰু ১৬ গৰাকী কনিষ্ঠ অভিযন্তাক নিযুক্তি পত্র দিয়া হ’ব। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে ২০২১ চনৰ পৰা মুঠ ১ লাখ ৬৫ হাজাৰ ৩১০ গৰাকী নিবনুৱাক বিভিন্ন পদত নিযুক্তি দিছে।