October 11, 2026 11:06 AM | Manipur conflict

printer

মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতি, কুকী-নগাৰ সংঘৰ্ষত ৯ জন লোক নিহত, ১২টা ঘৰত অগ্নিসংযোগ

অশান্ত জৰ্জৰ মণিপুৰত শুকুৰবাৰে নিশাৰে পৰা পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ কামজং, উখৰুল আৰু কাংকপি জিলাত কুকী আৰু নগা সশস্ত্র গোটৰ মাজত হোৱা শেহতীয়া সংঘৰ্ষত এগৰাকী মহিলাসহ ৯ গৰাকী লোকৰ মৃত্যু হৈছে। এই সময়ছোৱাত নগা আৰু কুকী লোকৰ ১৪টা ঘৰত দুর্বৃত্তই অগ্নিংসংযোগ কৰিছে।

৪২ বছৰীয়া এগৰাকী কুকী মহিলাৰ হত্যাক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশাৰে পৰা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মণিপুৰ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। বিগত প্রায় ৩ বছৰ ধৰি ৰাজ্যখনত হিংসাত্মক পৰিৱেশে বিৰাজ কৰি থকাত জনসাধাৰণৰ জীৱন অসুৰক্ষিত হৈ পৰিছে।

মণিপুৰৰ মুখ্যমন্ত্ৰী বাই খেমছান্দ সিঙে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে। এই সাক্ষাৎকালত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্রী শ্রীসিঙক ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিছে।