October 5, 2026 8:36 PM
6
গুৱাহাটী ডবা একাডেমীয়ে অনুষ্ঠিত কৰা গুৱাহাটী একাডেমীত দেওবৰীয়া ডবা প্ৰতিযোগিতাত ৰিয়ান নবিছে চেম্পিয়নৰ খিতাপ
গুৱাহাটী ডবা একাডেমীয়ে কালি অনুষ্ঠিত কৰা গুৱাহাটী একাডেমী দেওবৰীয়া ডবা প্ৰতিযোগিতাত ৰিয়ান নবিছে চেম্পিয়নৰ খিতাপ দখল কৰে। ৰিয়ানে ছখন খেলৰ আটাইকেইখনতে জয়লাভ কৰি সম্পূৰ্ণ ছয় পইণ্ট অৰ্জন কৰে। হেয়ান্স ডেকাই ছখন খেলৰ পৰা ৫.৫ পইণ্ট অৰ্জন কৰি দ্বিতীয় স্থান লাভ কৰে। হিৰণ্য দাসে পাঁচ পইণ্টেৰে তৃতীয় স্থান লাভ কৰে। মৈত্ৰাভ বৰুৱা আৰু গৌৰৱ শৰ্মাই ৪.৫ পইণ্টকৈ অৰ্জন কৰি চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰে। প্ৰিয়ানা নাথে ৪ পইণ্ট অৰ্জন কৰি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছোৱালীৰ সন্মান লাভ কৰে। ছানভি কাশ্যপে ৩.৫ পইণ্ট...