SINQUEFIELD CUP দবা প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত বিশ্ব চেম্পিয়ন ডি গোকেশ আৰু ৱাইল্ড কার্ডৰ জৰিয়তে অংশগ্ৰহণৰ সুযোগ লাভ কৰা আমেৰিকাৰ ছেমুৱেল ছেবিয়নৰ মাজৰ খেলখন কালি অমীমাংসিতভাৱে সমাপ্ত হয়। ভাৰতৰ আৰ প্রজ্ঞানন্দা আৰু উজবেকিস্তানৰ নোদীৰবেক অব্দুস্তটোৰোভৰ মাজৰ খেলখনো অমীমাংসিতভাৱে সমাপ্ত হয়। প্রজ্ঞানন্দাই বৰ্তমানলৈ খেলা দুয়োখন খেল অমীমাংসিতভাৱে সমাপ্ত হৈছে যদিও খেলুৱৈগৰাকী আমেৰিকাৰ ফেবিয়ান’ কাৰুৱানা আৰু লেৱোন এৰ’নিয়নৰ সৈতে যৌথভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত আগবাঢ়ি আছে।
Assamese | August 21, 2025 5:47 PM | Chess | D. Gukesh | SPORTS
SINQUEFIELD CUP দবা প্ৰতিযোগিতাত তৃতীয় ৰাউণ্ড অমীমাংসিতভাৱে সমাপ্ত