November 6, 2025 11:59 AM

views 79

চলিত বৰ্ষৰ ফিডে বিশ্বকাপ ডবাত ভাৰতৰ ডি গুকেশে কাজাখস্তানৰ কাজীবেক ন’গেৰবেকক ১.৫-০ দশমিক ৫ ফলাফলত পৰাস্ত

■ গোৱাত চলি থকা চলিত বৰ্ষৰ ফিডে বিশ্বকাপ ডবা প্রতিযোগিতাত গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশ, অৰ্জুন এৰিগেইছি আৰু পেণ্টালা হৰিকৃষ্ণা তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইপিনে, দিপ্তায়ন ঘোষে সুন্দৰ খেল প্ৰদৰ্শন কৰি বৰ্তমানৰ বিশ্ব ব্লিট্‌ছ সহ চেম্পিয়ন য়ান নেপমনিয়াচটচ্চিক পৰাস্ত কৰে। ডি গুকেশে কাজাখস্তানৰ কাজীবেক ন'গেৰবেকক ১.৫-০ দশমিক ৫ ফলাফলত পৰাস্ত কৰাৰ লগতে এৰিগেইছিয়ে বুলগেৰিয়াৰ মার্টিন ভেক ২-০ ফলাফলত পৰাস্ত কৰি তৃতীয় ৰাউণ্ডলৈ উন্নীত হয়। হৰিকৃষ্ণাই গ্ৰেণ্ডমাষ্টাৰ আৰ্ছেনি নেষ্টৰোভক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্...

August 21, 2025 5:47 PM

views 43

SINQUEFIELD CUP দবা প্ৰতিযোগিতাত তৃতীয় ৰাউণ্ড অমীমাংসিতভাৱে সমাপ্ত

SINQUEFIELD CUP দবা প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত বিশ্ব চেম্পিয়ন ডি গোকেশ আৰু ৱাইল্ড কার্ডৰ জৰিয়তে অংশগ্ৰহণৰ সুযোগ লাভ কৰা আমেৰিকাৰ ছেমুৱেল ছেবিয়নৰ মাজৰ খেলখন কালি অমীমাংসিতভাৱে সমাপ্ত হয়। ভাৰতৰ আৰ প্রজ্ঞানন্দা আৰু উজবেকিস্তানৰ নোদীৰবেক অব্দুস্তটোৰোভৰ মাজৰ খেলখনো অমীমাংসিতভাৱে সমাপ্ত হয়। প্রজ্ঞানন্দাই বৰ্তমানলৈ খেলা দুয়োখন খেল অমীমাংসিতভাৱে সমাপ্ত হৈছে যদিও খেলুৱৈগৰাকী আমেৰিকাৰ ফেবিয়ান' কাৰুৱানা আৰু লেৱোন এৰ’নিয়নৰ সৈতে যৌথভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত আগবাঢ়ি আছে।

July 4, 2025 1:08 PM

views 49

Super United Rapid & Blitz Croatia দবা প্ৰতিযোগিতাত ডি গুকেশৰ অগ্ৰগতি

বিশ্ব চেম্পিয়ন ডি গুকেশে কালি Super United Rapid & Blitz Croatia দবা প্ৰতিযোগিতাৰ ৰেপিড শিতানৰ ষষ্ঠ ৰাউণ্ডত বিশ্বৰ ১ নম্বৰ স্থানৰ খেলুৱৈ আৰু পাঁচবাৰৰ চেম্পিয়ন মেগনাছ কাৰ্লছেনক পৰাস্ত কৰে। ইয়াৰ পূৰ্বে গুকেশে নৰৱে দবা প্ৰতিযোগিতাত কাৰ্লছেনক পৰাজিত কৰিছিল। গুকেশে একেৰাহে পাঁচখন খেলত জয়লাভ কৰি ১০ পইণ্টেৰে প্ৰতিযোগিতাত অগ্রগতি লাভ কৰিছিল। জান-ক্রিজছট’ফ দুদাই রেজলি ছ’ৰ বিৰুদ্ধে ডু' খেলি ৮ পইণ্টেৰে দ্বিতীয় স্থানত আছে।

June 6, 2025 12:38 PM

views 56

নৰ’ৱে দবা প্রতিযোগিতাত অৰ্জুন এৰিগাইচিক সপ্তম ৰাউণ্ডত পৰাস্ত ডি গুকেশৰ

সাম্প্রতিক বিশ্ব চেম্পিয়ন ভাৰতৰ ডি গুকেশে যোৱা নিশা ষ্টেভেনজাৰ চিটীত চলি থকা নৰ'ৱে দবা প্রতিযোগিতাত সতীৰ্থ খেলুৱৈ গ্ৰেণ্ড মাষ্টাৰ অৰ্জুন এৰিগাইচিক সপ্তম ৰাউণ্ডত পৰাস্ত কৰে। প্ৰতিযোগিতাত ইয়াৰ পূৰ্বে হোৱা মুখামুখিত অর্জুনে গুকেশৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল। ১৯ বর্ষীয় গুকেশে বগা গুটিৰে খেলি কালিৰ খেলখনত বিজয় অর্জন কৰে। ইয়াৰ আগৰ খেলখনত গুকেশে বিশ্বক্ৰমৰ শীৰ্ষস্থানৰ খেলুৱৈ মেগনাছ কাৰ্লচেনক পৰাস্ত কৰিছিল। ক্রমাগতভাৱে দুখন খেলত অৰ্জন কৰা বিজয়ৰ সুবাদত গুকেশে কালচেনক অতিক্ৰম কৰি প্ৰতিযোগিতাৰ পই...