June 6, 2025 12:38 PM | Chees | D. Gukesh

printer

নৰ’ৱে দবা প্রতিযোগিতাত অৰ্জুন এৰিগাইচিক সপ্তম ৰাউণ্ডত পৰাস্ত ডি গুকেশৰ

সাম্প্রতিক বিশ্ব চেম্পিয়ন ভাৰতৰ ডি গুকেশে যোৱা নিশা ষ্টেভেনজাৰ চিটীত চলি থকা নৰৱে দবা প্রতিযোগিতাত সতীৰ্থ খেলুৱৈ গ্ৰেণ্ড মাষ্টাৰ অৰ্জুন এৰিগাইচিক সপ্তম ৰাউণ্ডত পৰাস্ত কৰে। প্ৰতিযোগিতাত ইয়াৰ পূৰ্বে হোৱা মুখামুখিত অর্জুনে গুকেশৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল। ১৯ বর্ষীয় গুকেশে বগা গুটিৰে খেলি কালিৰ খেলখনত বিজয় অর্জন কৰে। ইয়াৰ আগৰ খেলখনত গুকেশে বিশ্বক্ৰমৰ শীৰ্ষস্থানৰ খেলুৱৈ মেগনাছ কাৰ্লচেনক পৰাস্ত কৰিছিল। ক্রমাগতভাৱে দুখন খেলত অৰ্জন কৰা বিজয়ৰ সুবাদত গুকেশে কালচেনক অতিক্ৰম কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত উপনীত হৈছে। সম্প্রতি ফেবিয়ানো কাৰুৱানা পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে। অনুৰাগী আৰু বিশ্লেষকসকলে গুকেশৰ এই প্ৰদৰ্শনক দৃঢ়তা আৰু মনোযোগৰ উজ্বল নিদর্শন হিচাপে অভিহিত কৰিছে।