কাজিৰঙাত অহা ২২ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা দবা মহোৎসৱৰ আয়োজন কৰা হৈছে। দবা প্রতিযোগিতাৰ লগতে মহোৎসৱত শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া দবা কৰ্মশালা, দবা আৰু পৰ্যটন সম্পৰ্কীয় কুইজ, দবা খেলৰ বোলছবি প্ৰদৰ্শনীৰ আয়োজন কৰা হ’ব। কঁহৰাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উচ্চ মাধ্যমিক বিদ্যালয়ত ১০ বছৰ অনুৰ্ধ, ১৫ বছৰ অনুৰ্ধৰ আৰু মুকলি শাখাত এই প্রতিযোগিতা হ’ব। প্ৰতিটো শাখাৰ প্ৰথম ৫ গৰাকী বিজয়ীয়ে এক লাখতকৈ অধিক মূল্যৰ পুৰস্কাৰ লাভ কৰিব। মহোৎসৱৰ প্ৰথম দিনা স্থানীয় শিক্ষাৰ্থীসকলৰ বাবে দবা কৰ্মশালাৰ আয়োজন কৰা হ’ব। প্ৰতিযোগীসকলে কাইলৈৰ ভিতৰত অংশগ্ৰহণৰ বাবে পঞ্জীয়ন কৰিব পাৰিব।
Assamese | March 16, 2025 1:23 PM | Chess
২২ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা দবা মহোৎসৱৰ আয়োজন