কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি অসমৰ ডিব্ৰুগড়ৰ বগীবিল টার্মিনেলৰ পৰা দিনৰ ১১ বজাত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভার্চুবেল ব্যৱস্থাৰে এই অনুষ্ঠানত অংশ ল’ব। অসম পেট্র’কেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া জাহাজখনে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা কৰিব। মালবাহী জাহাজখনে ব্রহ্মপুত্ৰৰ ৰাষ্ট্ৰীয় জলপথ ২ আৰু ভাৰত-বাংলাদেশ প্রট’কল জলপথ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ সামগ্ৰী প্ৰেৰণ কৰা হ’ব। অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথ ব্যবস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে স্বাধীনতাৰ পূর্বে ডিব্রুগড়ে গুৰুত্বপূর্ণ নদী বন্দৰ হিচাপে উজনি অসমক ব্ৰহ্মপুত্ৰৰ জৰিয়তে গোলকীয় বজাৰৰ সৈতে কৰিছিল। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্ৰতিষ্ঠা কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্রুতিবদ্ধতাক প্রতিফলিত কৰিছে।
Assamese | October 5, 2026 11:12 AM | Sarbananda Sonowal
ডিব্ৰুগড়ৰ বগীবিল টার্মিনেলৰ পৰা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ যাত্ৰাৰ শুভাৰম্ভ