বগীবিল টার্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টার্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভার্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে পৰিবহন আৰু যাতায়াতৰ ক্ষেত্ৰত জলপথৰ ব্যৱহাৰ সুচল আৰু কম খৰচী বুলি উল্লেখ কৰে৷

তেওঁ কয় যে প্রাচীন কালৰে পৰা ব্যৱসায়, বাণিজ্য, পর্যটন আৰু জনসম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত প্ৰাকৃতিকভাৱে সৃষ্ট জলপথসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে এই জলপথসমূহৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ কয়। আজি নামৰূপৰ অসম পেট্ৰ’কেমিকেল লিমিটেডৰ পৰা মিথানল কঢ়িয়াই নিবলগীয়া দুখন মালবাহী জাহাজে বগীবিলৰ পৰা বাংলাদেশৰ ঢাকাৰ পানগাঁও বন্দৰলৈ যাত্ৰা আৰম্ভ কৰিছে।

প্ৰতিখন জাহাজত ২৭টাকৈ কণ্টেইনাৰ আছে আৰু মুঠ ১,০৮০ টন মিথানল লৈ যোৱা হৈছে। মালবাহী জাহাজ দুখনে ব্ৰহ্মপুত্ৰৰ ৰাষ্ট্ৰীয় জলপথ ২ আৰু ভাৰত-বাংলাদেশ প্রট’কল জলপথ ব্যৱহাৰ কৰিব। দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশৰ বন্দৰলৈ পণ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে।

অসমৰ নদী বাণিজ্যৰ পুনৰুদ্ধাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এই আৰম্ভণিয়ে গুৰুত্বপূৰ্ণ যোগাযোগক পুনৰ প্রতিষ্ঠা কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আভ্যন্তৰীণ জলপথক সুলভ, সেউজ আৰু সুচল পৰিবহণ হিচাপে বিকশাই তোলাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে।

আজিৰ অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, শ্রমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু জলসম্পদ মন্ত্রী সুশান্ত বৰগোহাঁইৰ উপৰি কেইবাগৰাকী বিধায়ক তথা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ দুগৰাকী উপস্থিত থাকে।