প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পামেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছে। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱন, সংস্কৃতি, জনসাধাৰণৰ মাজৰ সংযোগকে ধৰি বিভিন্ন বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত-বিনিময় কৰিব।
ৰাষ্ট্ৰপতি পামেলিন শীর্ষ বিষয়া আৰু ব্যৱসায় নেতাসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে আজি পুৱা তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অজয় তামটাই তেওঁক বিমান বন্দৰত আদৰণি জনায়। ইয়াৰ পাছত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীপামেলিনক আদৰণি জনায়।
আদৰণি অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু ছুইজাৰলেণ্ডৰ সম্পৰ্কক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই ভ্ৰমণ এটা বিশেষ সুযোগ। তেওঁ কয়, যে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক গণতান্ত্ৰিক প্ৰমূল্য, আস্থা আৰু পাৰস্পৰিক সন্মানৰ ওপৰত গঢ় লৈ উঠিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ৰাষ্ট্ৰপতি পামেলিনক সাক্ষাৎ কৰে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে ভাৰত-ইউৰোপীয় মুক্ত বাণিজ্য সংঘ-বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ আধাৰত গঢ়ি উঠা ভাৰত-ছুইজাৰলেণ্ড অংশীদাৰিত্ব সুদৃঢ় কৰাৰ দিশত ৰাষ্ট্ৰপতি পামেলিনৰ মনোভাৱৰ প্ৰশংসা কৰে। তেওঁ লগতে প্রধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতিগৰাকীৰ মাজৰ বৈঠকে বিভিন্ন ক্ষেত্ৰ সামৰি ল’ব বুলি আশা প্ৰকাশ কৰে।
ইয়াৰ পূৰ্বে নতুন দিল্লীত উপস্থিত হৈ অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পণ কৰে। শ্ৰীপামেলিনে আজি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। শ্রীমুৰ্মুৱে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে অভ্যর্থনা অনুষ্ঠানৰ আয়োজন কৰিব। উল্লেখযোগ্য যে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকী চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত কৃত্রিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিছিল।