চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ভাৰতে আৰু কমেও তিনিখন দেশৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ সুৰক্ষা চুক্তি সম্পাদন কৰাৰ সম্ভাৱনা

চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ভাৰতে আৰু কমেও তিনিখন দেশৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ সুৰক্ষা চুক্তি সম্পাদন কৰাৰ সম্ভাৱনা আছে।

আজি নতুন দিল্লীত অনুষ্ঠিত মিউনিখ নিৰাপত্তা সন্মিলনত ভাষণ দি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে দ্বিপাক্ষিক বিনিয়োগ সন্ধিৰ বাবে নতুন আৰ্হি সাজু হৈছে আৰু ইয়াক অধিক বিনিয়োগকাৰী অনুকূল কৰি তুলিবলৈ অতি সোনকালে কেবিনেটৰ অনুমোদন পোৱাৰ সম্ভাৱনা আছে।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে নতুন এই আৰ্হিয়ে দুয়োপক্ষৰ বিনিয়োগকাৰীক অধিক সুৰক্ষিত কৰাত গুৰুত্ব আৰোপ কৰিব কৰিব বিচাৰিছে।

মন্ত্ৰী শ্ৰীমতী সীতাৰমানে কয় যে ভাৰতে সংযুক্ত আৰৱ আমিৰী, ওমান আৰু মধ্য এছিয়া আদি দেশৰ সৈতেও একেধৰণৰ চুক্তি সম্পন্ন কৰিছে। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে কানাডা আৰু ৰাছিয়াকে ধৰি কেইবাখনো দেশৰ সৈতে দ্বিপাক্ষিক বিনিয়োগ সুৰক্ষা চুক্তিৰ আলোচনা চলি আছে।