September 10, 2026 1:46 PM

views 11

কৃষি বিভাগে চলিত বৰ্ষত প্ৰায় ২০ হাজাৰ বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য স্থিৰ কৰিছে

কৃষি বিভাগে চলিত বৰ্ষত প্ৰায় ২০ হাজাৰ বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এই অভিযানৰ অংশ হিচাপে উপযুক্ত অঞ্চল চিনাক্তকৰণৰ লগতে মাখনাৰ বীজ বিতৰণ আৰু কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ কাম শীঘ্ৰে আৰম্ভ হ'ব। কৃষি মন্ত্ৰী পীযূষ হাজৰিকাই কালি জনতা ভৱনত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত এনে কামসমূহ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অনাগত সময়ত অধিক সংখ্যক কৃষকক মাখনাৰ বীজ প্রদানৰ বাবে বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যত মাখনা অভিযান, ৰাষ্ট্ৰীয় খোৱাতেল অভিযান-তৈল্য খেজুৰ, ফলৰ পুলি ব...

September 7, 2026 2:21 PM

views 16

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত বুধবাৰে নৱম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬ মুকলি কৰিব

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত পৰহিলৈ নৱম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬ মুকলি কৰিব। পোষণৰ দ্বিতীয় সংস্কৰণ আৰু সক্ষম অংগনৱাড়ী মিছনৰ অধীনত পৰিপূৰক পুষ্টি আঁচনিৰ নিয়মাৱলীৰ সংশোধনীৰে চলিত বৰ্ষত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অংগনৱাড়ী ব্যৱস্থাপনা সমিতিৰ গঠন আৰু প্ৰথমবাৰৰ বাবে গৰম ৰন্ধা খাদ্য আৰু পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ খাদ্যৰ তালিকা প্রস্তুতৰ পৰিষদ গঠনৰ নিৰ্দেশ দিয়া হ'ব। পৰিপুষ্ট ভাৰতক আধাৰ হিচাপে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যৰ বাবে ২০১৮ চনত ৰাষ্ট্ৰীয় বিকাশ...

September 7, 2026 2:14 PM

views 6

বিশুদ্ধ বায়ু হৈছে আমাৰ মৌলিক আৱশ্যকতা আৰু ই পৰিৱেশৰ বিলাসিতা নহয়ঃ প্রকাশ শ্রীবাস্তৱ

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অধ্যক্ষ ন্যায়াধীশ প্রকাশ শ্রীবাস্তৱে কয়, যে বিশুদ্ধ বায়ু হৈছে আমাৰ মৌলিক আৱশ্যকতা আৰু ই পৰিৱেশৰ বিলাসিতা নহয়। নতুন দিল্লীত আজি নীলা আকাশ বাবে আয়োজিত আন্তঃৰাষ্ট্ৰীয় বিশুদ্ধ বায়ু দিৱসৰ কাৰ্যসূচীত সম্বোধন কৰি ন্যায়াধীশ শ্রীবাস্তৱে কয়, যে সুস্থ জীৱন-যাপনৰ বাবে বিশুদ্ধ বায়ুৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয়, যে বায়ু প্ৰদূষণলৈ ভয় নকৰাকৈ শিশুসকলে যাতে ঘৰৰ বাহিৰত খেলা-ধূলা কৰিব পাৰে আৰু বয়োজ্যেষ্ঠসকলে পুৱাৰ ভাগত খোজকাঢ়িব পাৰে সেই দিশটো নিশ্চিত কৰা উ...

September 7, 2026 2:08 PM

views 11

২০ বছৰ অনুৰ্ধ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাত ভাৰতে কুৰি বছৰ পাছত মূল প্রতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে

২০ বছৰ অনুৰ্ধ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাত ভাৰতে কুৰি বছৰ পাছত মূল প্রতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে। কালি টাস্কেণ্টত অনুষ্ঠিত যোগ্যতা নির্ণয়কাৰী চূড়ান্ত খেলখনত বাংলাদেশক ৩-০ গ'লত পৰাস্ত কৰি ভাৰত মূল প্রতিযোগিতালৈ যোগ্যতা অর্জন কৰিছে। উল্লেখযোগ্য যে এই প্রতিযোগিতা অহা বছৰৰ ২৪ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈ চীনত অনুষ্ঠিত হ'ব।

September 7, 2026 1:48 PM

views 9

ধেমাজিৰ চিচিটঙানিৰ মেৰচাপৰিত কালি ভূমি অধিকাৰ সন্দৰ্ভত বিশাল গণ সমাৰোহ অনুষ্ঠিত

ধেমাজি জিলাৰ চিচিটঙানিৰ মেৰচাপৰিত কালি ভূমি অধিকাৰ সন্দৰ্ভত বিশাল গণ সমাৰোহ অনুষ্ঠিত হয়। মিছিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ মধ্য চিচিটঙানি আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সমাৰোহত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত জলডুবা ভূমি দখল কৰি অহা খিলঞ্জীয়া লোকক মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ জৰিয়তে ভূমিপট্টা প্রদান, পূৰ্বৰ গাঁও সভাৰ জৰিয়তে দিয়া ম্যাদী পট্টাৰ পৰ্যালোচনাকে ধৰি বহুকেইটা দাবী উপস্থাপন কৰা হয়। অনুষ্ঠানত জোনাইৰ বিধায়ক ভূৱন পেণ্ডকে ধৰি মিছিং জাতীয় দল-সংগঠন...

September 7, 2026 1:42 PM

views 13

মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ-এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক

চুবুৰীয়া ৰাজ্য মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ-এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। মুখ্য নির্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনোৱা মতে ২০২৬ চনৰ পহিলা জুলাই পর্যন্ত মণিপুৰত মুঠ ১৯লাখ ৬০হাজাৰ ৬২০গৰাকী পঞ্জীয়নভুক্ত ভোটদাতা আছে। ইয়াৰে ১০লাখ ৬হাজাৰ ৯৬২গৰাকী মহিলা, ৯লাখ ৫৩হাজাৰ ৩৫০গৰাকী পুৰুষ আৰু ৩০৮ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। তেওঁ কয়, যে অন্তিমখন ভোটাৰ তালিকাত লিংগ অনুপাত হৈছে ১,০৫৬। ই ৰাষ্ট্ৰীয় গড় অনুপাততকৈ যথেষ্ট ...

September 7, 2026 12:49 PM

views 26

বিশ্বনাথত পঞ্চম বার্ষিক শ্বহীদ বীৰছা মুণ্ডা সদৌ অসম ভিত্তিত ফুটবল প্রতিযোগিতা উদ্বোধন বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাসৰ

বিশ্বনাথ জিলাৰ বিহালী চাহ বাগিচা খেল-পথাৰত কালি বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাসে পঞ্চম বার্ষিক শ্বহীদ বীৰছা মুণ্ডা সদৌ অসম ভিত্তিত ফুটবল প্রতিযোগিতা উদ্বোধন কৰে। পঞ্চম অসম কমাণ্ডো বেটেলিয়ন আৰু বিহালী ফুটবল একাদশৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ’লত ড্র' হোৱাত টাইব্ৰেকাৰৰ জৰিয়তে অসম কমাণ্ডো বেটেলিয়নে জয়লাভ কৰে। এই প্রতিযোগিতাত মাহৌৰ টাউন ক্লাব, ডিমা হাচাও, টিউলিপ একাডেমী, তেজপুৰ টাউন ক্লাব আৰু কাজিৰঙা ফুটবল একাদশৰ লগতে কেইবাটাও আগশাৰীৰ দলে অংশ লৈছে।

September 7, 2026 12:43 PM

views 29

নতুন দিল্লীৰ সত্য নিকেতন এলেকাত অট্টালিকা খহি পৰা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ লৈ বৃদ্ধি

নতুন দিল্লীৰ সত্য নিকেতন এলেকাত এটা অট্টালিকা খহি পৰা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ লৈ বৃদ্ধি হৈছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান এইমছৰ সূত্ৰই জানিবলৈ দিছে যে অট্টালিকাটো খহি পৰাৰ পাছত চিকিৎসালয়লৈ অনা ১১ গৰাকী লোকৰ ভিতৰত ৫ গৰাকীক মৃত অৱস্থাত অনা হৈছিল। ইয়াৰে গুৰুতৰভাৱে আহত আন এগৰাকী লোকৰ পাছত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। বর্তমান ৩ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে এগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গ...

September 7, 2026 12:09 PM

views 64

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। গুৱাহাটীৰ জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ড° ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি ‘মানুহে মানুহৰ বাবে' শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শ...

September 4, 2026 8:07 PM

views 20

নাৰ্কটিক কন্ট্রোল ব্যুৰোৰ আগৰতলা শাখাৰ মিজোৰাম আৰু ত্ৰিপুৰাত দুটা পৃথক পৃথক অভিযানত প্রায় ১৭ কোটি ৮৪ লাখ টকাৰ ২২ কিলোগ্রাম মেটামফেটামাইন টেবলেট জব্দ

উত্তৰ পূৰ্বাঞ্চলত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলা অভিযানৰ অংশ হিচাপে নিচাযুক্ত দ্ৰব্য নিয়ন্ত্রক সংস্থা অর্থাৎ নাৰ্কটিক কন্ট্রোল ব্যুৰোৰ আগৰতলা শাখাই মিজোৰাম আৰু ত্ৰিপুৰাত দুটা পৃথক পৃথক অভিযানত প্রায় ১৭ কোটি ৮৪ লাখ টকাৰ ২২ কিলোগ্রাম মেটামফেটামাইন টেবলেট জব্দ কৰে। এই ঘটনাত ম্যানমাৰৰ এজন নাগৰিককে ধৰি ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সংস্থাৰ মিজোৰাম কার্যালয়ে স্থানীয় আৰক্ষী আৰু অনুসন্ধান সংস্থাৰ সহযোগত জোখাওথাৰ-চাম্ফাই খণ্ডৰ ভাৰত ম্যানমাৰ সীমান্তৰ সমীপত ২ ছেপ্তেম্বৰৰ মাজনিশা অভিযান চলাই ম্যানমাৰৰ এজন ...