October 6, 2026 6:13 PM

views 11

এছিয়ান গেমছৰ বক্সিঙত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁই আজি সন্ধিয়া অসমত উপস্থিত হ’ব

সদ্য সমাপ্ত এছিয়ান গেমছৰ বক্সিঙত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁই আজি সন্ধিয়া অসমত উপস্থিত হ'ব। ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ‍ দৈমাৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত তাৰকা বক্সাৰগৰাকীক আদৰণি জনাব। ইয়াৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শ‍ইকীয়াই তেওঁক সন্মান জনোৱাৰ লগতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিয়ে বিমান বন্দৰৰ পৰা বিশাল বাইক ৰেলীৰে লাভলীনা বৰগোহাঁইক আদৰণি জনাব।

October 6, 2026 6:05 PM

views 7

সংস্কৃত হৈছে সকলো ভাৰতীয় ভাষাক সংযোগ কৰা এডাল সোণালী সূতাঃ উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে কৈছে যে সংস্কৃত হৈছে সকলো ভাৰতীয় ভাষাক সংযোগ কৰা এডাল সোণালী সূতা। নতুন দিল্লীৰ শ্ৰীলাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তনত অংশগ্ৰহণ কৰি আজি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য দিয়ে। তেওঁ কয়, যে প্ৰতিটো ভাৰতীয় ভাষাই মহান আৰু প্ৰতিটো ভাষাই দেশৰ বৰ্ণাঢ্য সংস্কৃতিলৈ অৱদান যোগাই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্যান্য ভাষাৰ লগতে সংস্কৃতি ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেও উদ্যোগ লৈ আহিছে বুলি শ্ৰীৰাধাকৃষ্ণণে প্ৰকাশ কৰে। উপ-ৰাষ্ট্...

October 6, 2026 5:55 PM

views 3

ভাৰতৰ সামুদ্রিক শক্তি আৰু প্ৰতিৰক্ষা সামৰ্থ বৃদ্ধিৰ বাবে শক্তিশালী আৰু সংহত সামুদ্রিক ব্যৱস্থাৰ প্রয়োজনঃ ৰাজনাথ সিং

ভাৰতৰ সামুদ্রিক শক্তি আৰু প্ৰতিৰক্ষা সামৰ্থ বৃদ্ধিৰ বাবে শক্তিশালী আৰু সংহত সামুদ্রিক ব্যৱস্থাৰ প্রয়োজন বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। শ্রীসিঙে আজি বিশাখাপট্টনমত হিন্দুস্তান শ্বিপয়াদ লিমিটেডক নৌবহৰ সহায়ক জাহাজ-১ মুকলি কৰাৰ লগতে নৌবহৰ সহায়ক জাহাজ-৫ ৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে। তেওঁ লগতে আধুনিকীকৃত শিল্প ৱেভ ফোৰ্ড আৰু ৩০০ টন ওজনৰ গোলিয়াথ ক্ৰেনৰ উদ্বোধনী কাৰ্যসূচীত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত শ্রীসিঙে এই জাহাজ উদ্বোধন আৰু নিৰ্মাণৰ শুভাৰম্ভ কৰা কাৰ্য ভাৰতৰ সামুদ্রিক আন্তঃগাথনি...

October 6, 2026 5:53 PM

views 15

এছ আই আৰ প্ৰক্ৰিয়াৰ অনিয়ম আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত বিৰোধীৰ প্ৰতিবাদী সমদল

এছ আই আৰ প্ৰক্ৰিয়াৰ অনিয়ম আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত আজি বিৰোধী দলসমূহে সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় নির্বাচন সদনলৈ প্ৰতিবাদী সমদল উলিয়ায়। অৱশ্যে নির্বাচন আয়োগৰ কাৰ্যালয় অভিমুখী প্ৰতিবাদকাৰীসকলক আকাশবাণী ভৱনৰ সমীপত নিৰাপত্তা বাহিনীয়ে বাধা আৰোপ কৰে। কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি অন্যান্য বিৰোধী দলৰ সাংসদসকলে পার্লিয়ামেণ্ট ষ্টিটত পথৰ ওপৰতে বহি পৰি বিক্ষোভ প্ৰদৰ্শন কৰে।

October 6, 2026 5:49 PM

views 1

বেনিন মহানগৰৰ পৰা লাগোচলৈ যাত্ৰা কৰা নাইজেৰিয়াৰ সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৩২ গৰাকী লোকৰ মৃত্যু

বেনিন মহানগৰৰ পৰা লাগোচলৈ যাত্ৰা কৰা নাইজেৰিয়াৰ এখন সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৩২ গৰাকী লোকৰ মৃত্যু হয়। ইয়াৰে ২৫ গৰাকী যাত্ৰী আৰু ৭ গৰাকী বিমানৰ কৰ্মী আছিল। ৰাষ্ট্ৰপতি বলা টিনুবুয়ে এইকথা নিশ্চিত কৰিছে আৰু তেওঁ নাইজেৰিয়ান বিমান বাহিনীক এই দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে। বিমান পৰিবহন মন্ত্রী ফেষ্টছ কেয়ামোৰ মতে দুৰ্ঘটনাৰ সময়ত এই বিমানখনে নিয়মীয়া অভিযানত যোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনা সংঘটিত হয়। পাছত বিমানখন নাইজেৰিয়াৰ দক্ষিণ-পশ্চিম অঞ্চলৰ উপকূলীয় চহৰ ইগ...

October 6, 2026 5:46 PM

views 1

কংগ্ৰেছে দেশত অৰাজকতাৰ পৰিস্থিতি সৃষ্টিৰ পৃষ্ঠপোষকতা কৰি আহিছেঃ বিজেপি

বিৰোধী দল বিশেষকৈ কংগ্ৰেছে দেশত অৰাজকতাৰ পৰিস্থিতি সৃষ্টিৰ পৃষ্ঠপোষকতা কৰি আহিছে বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত সাংবাদিকৰ আগত দলৰ ৰাষ্ট্ৰীয় মুখপাত্র সম্বিত পাত্ৰই কয়, যে বিৰোধী দলসমূহে দেশৰ সাংবিধানিক সংস্থাসমূহৰ বিৰুদ্ধে অপ্রীতিকৰ মন্তব্য আগবঢ়োৱাৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰি আহিছে। সময়ে সময়ে বিৰোধী দলসমূহে সেনা বাহিনী, উচ্চতম ন্যায়ালয়, হিন্দুস্তান এৰোনেটিক্স লিমিটেড আৰু ই ভি এমক লক্ষ্য কৰি লৈছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰীপাত্ৰই কয় যে বিগত কিছুদিন ধৰি বিৰোধীয়ে নির্বাচন আ...

October 6, 2026 5:42 PM

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ ৫ দিনীয়া ভ্রমণসূচীৰে ঘানা, কোটে দি আইৱৰ আৰু ইথিঅ’পিয়ালৈ ৰাওনা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ৫ দিনীয়া ভ্রমণসূচীৰে ঘানা, কোটে দি আইৱৰ আৰু ইথিঅ'পিয়ালৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত ড০ জয়শংকৰে তিনিওখন দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ লগতে নেতাসকলৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু সহযোগিতামূলক দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভত পর্যালোচনা কৰিব। এই আলোচনাত বাণিজ্য আৰু অৰ্থনীতি, উন্নয়নমূলক সহযোগিতা, সামৰ্থ নিৰ্মাণ আৰু জনসাধাৰণৰ সম্পৰ্ককো সামৰি লোৱা হ’ব। মন্ত্ৰী ড০ জয়শংকৰে পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভতো মত-বিনিময় কৰিব...

October 6, 2026 5:39 PM

views 6

ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰৰ ক্ৰিকেটৰ তিনিও প্ৰকাৰ খেলৰ পৰা অব্যাহতি

ভাৰতৰ মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰে ক্ৰিকেটৰ তিনিও প্ৰকাৰ খেলৰ পৰা অব্যাহতি লৈছে। গুৱাহাটীত অনুষ্ঠিত বি চি চি আইৰ পৰ্যৱেক্ষণ বৈঠকত পাছতে ৩৭ বছৰীয়া খেলুৱৈগৰাকীয়ে এই ঘোষণা কৰে। হৰমনপ্রীত কৌৰে যোৱা বছৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এদিনীয়া মহিলা বিশ্বকাপ প্রতিযোগিতাৰ খিতাপ লাভ কৰা ভাৰতীয় দলটোক নেতৃত্ব দিছিল। শ্ৰীমতী কৌৰে ভাৰতক পাঁচখন টেষ্ট, ৫১ খন আন্তর্জাতিক এদিনীয়া আৰু ১৫৫ খন আন্তর্জাতিক টি-২০ খেলত নেতৃত্ব দিছিল। তেওঁ ২০১৬ চনৰ পৰা টি-২০ দলক নেতৃত্ব দিয়াৰ পাছত ২০২২ চনত এদিনীয়া দলৰ অধিন...

October 6, 2026 5:29 PM

views 7

বন্য প্রাণী সপ্তাহ উপলক্ষে বাক্সা জিলাৰ শালবাৰীত সজাগতামূলক সমদল

বন্য প্রাণী সপ্তাহ উপলক্ষে বাক্সা জিলাৰ শালবাৰীত আজি সজাগতা সমদল উলিওৱা হয়। ৭২ সংখ্যক বন্য প্রাণী সপ্তাহৰ সৈতে সংগতি ৰাখি বন বিভাগে আয়োজন কৰা এই সমদলৰ জৰিয়তে বন্যপ্ৰাণী সুৰক্ষাক লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এই কাৰ্যসূচীত শালবাৰী সংমণ্ডলৰ অধীনৰ বন বিষয়া আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে।

October 6, 2026 5:30 PM

views 12

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয় প্রেক্ষাগৃহত আজি মুকলি কৰা শিবিৰত অৰুণোদয়, আয়ুষ্মান ভাৰত, প্রধানমন্ত্রী কিষাণ সম্মান নিধিকে ধৰি বিভিন্ন আঁচনিৰ আৰু সেৱাৰ বিষয়ে ৰাইজক অৱগত কৰা হয়। এই শিবিৰত ফেকামাৰী উন্নয়ন খণ্ড এলেকাৰ কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত আজি বিশেষ স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। চৰকা...