সদ্য সমাপ্ত এছিয়ান গেমছৰ বক্সিঙত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁই আজি সন্ধিয়া অসমত উপস্থিত হ’ব।
ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত তাৰকা বক্সাৰগৰাকীক আদৰণি জনাব।
ইয়াৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই তেওঁক সন্মান জনোৱাৰ লগতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিয়ে বিমান বন্দৰৰ পৰা বিশাল বাইক ৰেলীৰে লাভলীনা বৰগোহাঁইক আদৰণি জনাব।