সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয় প্রেক্ষাগৃহত আজি মুকলি কৰা শিবিৰত অৰুণোদয়, আয়ুষ্মান ভাৰত, প্রধানমন্ত্রী কিষাণ সম্মান নিধিকে ধৰি বিভিন্ন আঁচনিৰ আৰু সেৱাৰ বিষয়ে ৰাইজক অৱগত কৰা হয়। এই শিবিৰত ফেকামাৰী উন্নয়ন খণ্ড এলেকাৰ কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে।

চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত আজি বিশেষ স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। চৰকাৰী সেৱাসমূহ জনসাধাৰণক উপলব্ধ কৰোৱাৰ বাবে আয়োজিত এই শিবিৰ মাহমৰাৰ বিধায়ক সুৰুজ দিহিঙিয়াই মুকলি কৰে।

এই শিবিৰত ৰাইজে বিনামুলীয়া স্বাস্থ্য সেৱা আৰু ঔষধ লাভ কৰাৰ লগতে ২৪ টা চৰকাৰী সেৱাৰ সুবিধা লাভ কৰে। ডিব্ৰুগড়ৰ বৰবৰুৱা উন্নযন খণ্ডৰ কাৰ্যালয়তো আজি সেৱা সংকল্প অভিযানৰ অংশ হিচাপে স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়।

কাইলৈ খনিকৰ পথাৰত, পৰহিলৈ ৰাজগড় ৰাজহুৱা প্ৰেক্ষাগৃহত, ৯ অক্টোবৰত চাবুৱাৰ বেটমালা কমিউনিটি হলত, ১০ অক্টোবৰত ডুলিয়াজান বিহুতলীত আৰু ১২ অক্টোবৰত ডিব্ৰুগড় পৌৰ নিগমৰ বহুমুখী ভৱনত এই শিবিৰ অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।