October 6, 2026 5:30 PM

views 15

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয় প্রেক্ষাগৃহত আজি মুকলি কৰা শিবিৰত অৰুণোদয়, আয়ুষ্মান ভাৰত, প্রধানমন্ত্রী কিষাণ সম্মান নিধিকে ধৰি বিভিন্ন আঁচনিৰ আৰু সেৱাৰ বিষয়ে ৰাইজক অৱগত কৰা হয়। এই শিবিৰত ফেকামাৰী উন্নয়ন খণ্ড এলেকাৰ কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত আজি বিশেষ স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। চৰকা...

September 24, 2026 8:51 PM

views 70

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বৰপেটা জিলাত বিভিন্ন সেৱামূলক কাৰ্যসূচী ৰূপায়ণ

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বৰপেটা জিলাত বিভিন্ন সেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। এই কাৰ্যসূচীৰ অধীনত আজি মহিলা আৰু যুৱতীসকলৰ মাজত ৰক্তহীনতা অর্থাৎ‍ এনিমিয়া ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে দুটাকৈ শিবিৰ অনুষ্ঠিত হয়। জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত গমাৰীমূৰা আৰু বাঁহবাৰীত এই শিবিৰ দুটা অনুষ্ঠিত হয়। দুয়োটা শিবিৰত ১২০গৰাকী মহিলাৰ এনিমিয়া ৰোগৰ পৰীক্ষা কৰা হয় আৰু ইয়াৰে ভালেকেইগৰাকী মহিলা এই ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰে। সেই অনুসৰি তেওঁলোকক নিয়োজিত চিকিৎসকৰ দলটোৱে চিকিৎসা প্ৰদান কৰে...

September 13, 2026 8:32 PM

views 309

১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ সেৱা সংকল্প অভিযান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলৰ লগতে এন ডি এ মিত্ৰজোঁটৰ উপৰি কেইবাটাও স্বেচ্ছাসেৱী সংস্থাই অহা ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ সেৱা সংকল্প অভিযান ৰূপায়ণ কৰিব বুলি প্ৰকাশ কৰিছে। মুম্বাইত সংবাদ মাধ্যমৰ আগত শ্রীশ্বাহে প্রকাশ কৰা অনুসৰি এই অভিযানৰ জৰিয়তে জনভাগিদাৰী আন্দোলনৰ মাধ্যমেৰে বিকশিত ভাৰতৰ সংকল্প আগুৱাই নিয়াৰ লক্ষ্য লোৱা হৈছে। ১৭ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিৱস হোৱাৰ লগতে অহা অক্টোবৰ মাহত শ্রীমোদীৰ মুখ্যমন্ত্ৰী আৰু প্রধানমন্ত্রী হিচাপে জ...