কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলৰ লগতে এন ডি এ মিত্ৰজোঁটৰ উপৰি কেইবাটাও স্বেচ্ছাসেৱী সংস্থাই অহা ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ সেৱা সংকল্প অভিযান ৰূপায়ণ কৰিব বুলি প্ৰকাশ কৰিছে।
মুম্বাইত সংবাদ মাধ্যমৰ আগত শ্রীশ্বাহে প্রকাশ কৰা অনুসৰি এই অভিযানৰ জৰিয়তে জনভাগিদাৰী আন্দোলনৰ মাধ্যমেৰে বিকশিত ভাৰতৰ সংকল্প আগুৱাই নিয়াৰ লক্ষ্য লোৱা হৈছে।
১৭ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিৱস হোৱাৰ লগতে অহা অক্টোবৰ মাহত শ্রীমোদীৰ মুখ্যমন্ত্ৰী আৰু প্রধানমন্ত্রী হিচাপে জনসেৱাত জড়িত হৈ থকাৰ ২৫ বছৰ সম্পূৰ্ণ হ’ব। ইয়াৰ লগতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দিক-দৰ্শনত এন ডি এ চৰকাৰৰ বিভিন্ন আন্তঃগাঁথনি, সামাজিক তথা সাংস্কৃতিক পদক্ষেপৰ ওপৰত আলোকপাত কৰে।