সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বৰপেটা জিলাত বিভিন্ন সেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। এই কাৰ্যসূচীৰ অধীনত আজি মহিলা আৰু যুৱতীসকলৰ মাজত ৰক্তহীনতা অর্থাৎ এনিমিয়া ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে দুটাকৈ শিবিৰ অনুষ্ঠিত হয়। জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত গমাৰীমূৰা আৰু বাঁহবাৰীত এই শিবিৰ দুটা অনুষ্ঠিত হয়। দুয়োটা শিবিৰত ১২০গৰাকী মহিলাৰ এনিমিয়া ৰোগৰ পৰীক্ষা কৰা হয় আৰু ইয়াৰে ভালেকেইগৰাকী মহিলা এই ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰে। সেই অনুসৰি তেওঁলোকক নিয়োজিত চিকিৎসকৰ দলটোৱে চিকিৎসা প্ৰদান কৰে। শিবিৰল লগত সংগতি ৰাখি আয়োজন কৰা সজাগতা সভাত সমল চিকিৎসকৰ দলে এই ৰোগৰ লক্ষণ, চিকিৎসা ব্যৱস্থা আৰু মহিলাসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ প্রয়োজনীয়তাৰ বিষয়ে অৱগত কৰে।
Assamese | September 24, 2026 8:51 PM | sewa sankalpa avijan
সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বৰপেটা জিলাত বিভিন্ন সেৱামূলক কাৰ্যসূচী ৰূপায়ণ