এছ আই আৰ প্ৰক্ৰিয়াৰ অনিয়ম আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত আজি বিৰোধী দলসমূহে সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় নির্বাচন সদনলৈ প্ৰতিবাদী সমদল উলিয়ায়।
অৱশ্যে নির্বাচন আয়োগৰ কাৰ্যালয় অভিমুখী প্ৰতিবাদকাৰীসকলক আকাশবাণী ভৱনৰ সমীপত নিৰাপত্তা বাহিনীয়ে বাধা আৰোপ কৰে।
কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি অন্যান্য বিৰোধী দলৰ সাংসদসকলে পার্লিয়ামেণ্ট ষ্টিটত পথৰ ওপৰতে বহি পৰি বিক্ষোভ প্ৰদৰ্শন কৰে।