October 6, 2026 5:53 PM

views 18

এছ আই আৰ প্ৰক্ৰিয়াৰ অনিয়ম আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত বিৰোধীৰ প্ৰতিবাদী সমদল

এছ আই আৰ প্ৰক্ৰিয়াৰ অনিয়ম আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত আজি বিৰোধী দলসমূহে সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় নির্বাচন সদনলৈ প্ৰতিবাদী সমদল উলিয়ায়। অৱশ্যে নির্বাচন আয়োগৰ কাৰ্যালয় অভিমুখী প্ৰতিবাদকাৰীসকলক আকাশবাণী ভৱনৰ সমীপত নিৰাপত্তা বাহিনীয়ে বাধা আৰোপ কৰে। কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি অন্যান্য বিৰোধী দলৰ সাংসদসকলে পার্লিয়ামেণ্ট ষ্টিটত পথৰ ওপৰতে বহি পৰি বিক্ষোভ প্ৰদৰ্শন কৰে।

December 19, 2024 5:47 PM

views 70

কংগ্ৰেছৰ ৰাজভৱন চলো অভিযানৰ সময়ত কৰ্তব্যৰত সাংবাদিক আইন-শৃংখলা ৰক্ষাকাৰী আৰক্ষীৰ হাতত আহত ঘটনাৰ প্ৰতিবাদত ক’লা বেজ পৰিধানেৰে সাংবাদিকৰ প্ৰতিবাদ

কংগ্ৰেছ দলে কালি গুৱাহাটীৰ ৰাজভৱন চলো অভিযানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কৰ্তব্যৰত সাংবাদিক আইন-শৃংখলা ৰক্ষাকাৰী আৰক্ষীৰ হাতত আহত হোৱা ঘটনাৰ প্ৰতিবাদত আজি ৰাজ্যখনৰ সাংবাদিকসকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি দুপৰীয়া ইয়াৰ প্ৰতিবাদৰ বাবে এখন সভা অনুষ্ঠিত হয়। এই কার্যসূচীত গুৱাহাটীৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ শতাধিক সংবাদকর্মীয়ে অংশগ্রহণ কৰে। সংবাদকর্মীসকলে এই ঘটনাক গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ আৰু সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰ...