October 6, 2026 5:53 PM

views 18

এছ আই আৰ প্ৰক্ৰিয়াৰ অনিয়ম আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত বিৰোধীৰ প্ৰতিবাদী সমদল

এছ আই আৰ প্ৰক্ৰিয়াৰ অনিয়ম আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত আজি বিৰোধী দলসমূহে সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় নির্বাচন সদনলৈ প্ৰতিবাদী সমদল উলিয়ায়। অৱশ্যে নির্বাচন আয়োগৰ কাৰ্যালয় অভিমুখী প্ৰতিবাদকাৰীসকলক আকাশবাণী ভৱনৰ সমীপত নিৰাপত্তা বাহিনীয়ে বাধা আৰোপ কৰে। কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি অন্যান্য বিৰোধী দলৰ সাংসদসকলে পার্লিয়ামেণ্ট ষ্টিটত পথৰ ওপৰতে বহি পৰি বিক্ষোভ প্ৰদৰ্শন কৰে।

July 18, 2026 11:02 AM

views 34

নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰেঃ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ

দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰে বুলি মন্তব্য কৰিছে। কালি নতুন দিল্লীত আয়োজিত সৰ্বভাৰতীয় সাংবাদিক সন্মিলনত মুখ্য অতিথি হিচাপে ভাগ লৈ তেওঁ আৰু কয়, যে আয়োগৰ অধীনত দেশৰ সকলো নিৰ্বাচন মুক্ত আৰু নিকা ব্যৱস্থাৰে পৰিচালিত কৰা হয়।  সেয়ে নির্বাচন আয়োগক লৈ ভুল ব্যাখ্যা কৰিলে গণতন্ত্ৰত প্রভাব পৰাৰ আশংকা থাকে। এইবাৰ দেশত ৭৬ শতাংশ ভোটাৰে ভোটদান কৰাৰ কথা উল্লেখ কৰি তেওঁ অসমত ভোটদানৰ হাৰ ৮৬ শতাংশ হোৱাত সন্তুষ্টি প্ৰকাশ...

October 27, 2025 8:59 PM

views 118

নির্বাচন আয়োগে দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটদাতাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী আৰম্ভ কৰিব

নির্বাচন আয়োগে দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটদাতাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী আৰম্ভ কৰিব। অৱশ্যে এই ৰাজ্যসমূহৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰা হোৱা নাই। আজি নতুন দিল্লীত মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে ভোটদাতাৰ তালিকা স্বচ্ছ আৰু ত্রুটিমুক্ত কৰাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। এই পৰ্যায়ত অহা ৪ নৱেম্বৰৰ পৰা চত্তিশগড়, উত্তৰ প্ৰদেশ, গোৱা, কেৰালা, পুডুচেৰী, গুজৰাট, ৰাজস্থান, পশ্চিমবংগ, লাক্ষাদ্বীপ, আন্দামান নিকোবৰ...

October 5, 2025 8:39 PM

views 70

বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন শীঘ্রেই ঘোষণা কৰা হ’ব বুলি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ প্ৰকাশ

বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন শীঘ্রেই ঘোষণা কৰা হ'ব বুলি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আজি প্ৰকাশ কৰিছে। তেওঁ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকৰ মতামত গ্রহণ কৰিছে বুলিও উল্লেখ কৰে। তেওঁ লগতে কয়, যে সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি ভোটদানৰ সময় সূচী নির্ধাৰণ কৰা হ'ব। বিহাৰত মুক্ত, নিকা আৰু শান্তিপূর্ণভাবে বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ১৭ টা নতুন পদক্ষেপ গ্রহণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ দ্বাৰা ভোটদানৰ সময়ত ভোটাদাতাসকল বিশেষ অভিজ্ঞতাৰ অধিকাৰী হ'ব। ভোটাৰ ...