July 18, 2026 11:02 AM
14
নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰেঃ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ
দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰে বুলি মন্তব্য কৰিছে। কালি নতুন দিল্লীত আয়োজিত সৰ্বভাৰতীয় সাংবাদিক সন্মিলনত মুখ্য অতিথি হিচাপে ভাগ লৈ তেওঁ আৰু কয়, যে আয়োগৰ অধীনত দেশৰ সকলো নিৰ্বাচন মুক্ত আৰু নিকা ব্যৱস্থাৰে পৰিচালিত কৰা হয়। সেয়ে নির্বাচন আয়োগক লৈ ভুল ব্যাখ্যা কৰিলে গণতন্ত্ৰত প্রভাব পৰাৰ আশংকা থাকে। এইবাৰ দেশত ৭৬ শতাংশ ভোটাৰে ভোটদান কৰাৰ কথা উল্লেখ কৰি তেওঁ অসমত ভোটদানৰ হাৰ ৮৬ শতাংশ হোৱাত সন্তুষ্টি প্ৰকাশ...