July 18, 2026 11:02 AM | CEC Gyanesh Kumar

printer

নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰেঃ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ

দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰে বুলি মন্তব্য কৰিছে। কালি নতুন দিল্লীত আয়োজিত সৰ্বভাৰতীয় সাংবাদিক সন্মিলনত মুখ্য অতিথি হিচাপে ভাগ লৈ তেওঁ আৰু কয়, যে আয়োগৰ অধীনত দেশৰ সকলো নিৰ্বাচন মুক্ত আৰু নিকা ব্যৱস্থাৰে পৰিচালিত কৰা হয়। 

সেয়ে নির্বাচন আয়োগক লৈ ভুল ব্যাখ্যা কৰিলে গণতন্ত্ৰত প্রভাব পৰাৰ আশংকা থাকে। এইবাৰ দেশত ৭৬ শতাংশ ভোটাৰে ভোটদান কৰাৰ কথা উল্লেখ কৰি তেওঁ অসমত ভোটদানৰ হাৰ ৮৬ শতাংশ হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। অনুষ্ঠানত দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শতাধিক সাংবাদিক প্রতিনিধিয়ে অংশগ্রহণ কৰে। অনুষ্ঠানত নিৰ্বাচন আয়োগৰ তথ্য প্রযুক্তি শাখাৰ সঞ্চালক প্ৰধান ড০ সীমা খান্নাই ভুৱা আৰু বিভ্ৰান্তিকৰ প্ৰচাৰৰ পৰা ভোটাৰসকলক সুৰক্ষিত কৰিবলৈ নিৰ্বাচন আয়োগে অত্যাধুনিক তথ্য প্রযুক্তি সঁজুলি ই চি আই নেট নামৰ ম’বাইল এপ্লিকেচনটো প্ৰস্তুত কৰি উলিয়াইছে আৰু ১১ কোটিৰো অধিক ভোটাৰে ইয়াৰ ব্যৱহাৰ কৰিছে বুলি প্ৰকাশ কৰে। 

অনুষ্ঠানত নিৰ্বাচন আয়োগৰ মিডিয়া শাখাৰ সঞ্চালক প্রধান আশিষ গোৱেল, ভোটাৰ তালিকা আৰু ভোট গণনা শাখাৰ সঞ্চালক প্রধান অপূর্ব কুমাৰ সিঙেও ভাষণ দিয়ে।