নির্বাচন আয়োগে দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটদাতাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী আৰম্ভ কৰিব। অৱশ্যে এই ৰাজ্যসমূহৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰা হোৱা নাই। আজি নতুন দিল্লীত মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে ভোটদাতাৰ তালিকা স্বচ্ছ আৰু ত্রুটিমুক্ত কৰাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। এই পৰ্যায়ত অহা ৪ নৱেম্বৰৰ পৰা চত্তিশগড়, উত্তৰ প্ৰদেশ, গোৱা, কেৰালা, পুডুচেৰী, গুজৰাট, ৰাজস্থান, পশ্চিমবংগ, লাক্ষাদ্বীপ, আন্দামান নিকোবৰ আৰু মধ্যপ্ৰদেশত এই প্ৰক্ৰিয়া ৰূপায়ণ কৰা হ’ব। অহা বছৰৰ ৭ ফ্ৰেব্ৰুৱাৰীত ভোটদাতাৰ তালিকা প্ৰকাশ কৰা হব
Assamese | October 27, 2025 8:59 PM | Akashvani News | CEC Gyanesh Kumar | Election Commission of India
নির্বাচন আয়োগে দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটদাতাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী আৰম্ভ কৰিব