October 6, 2026 8:00 PM

views 12

ৰাছিয়া অধিকৃত ক্ৰিমিয়া উপদ্বীপ আৰু আজভ সাগৰকে ধৰি কেইবাটাও অঞ্চলত ৯০০খন ইউক্রেনৰ ড্রোণ ধ্বংস ৰাছিয়াৰ

ৰাছিয়াৰ প্ৰতিৰক্ষা ব্যৱস্থাই যোৱা নিশা ৰাছিয়া অধিকৃত ক্ৰিমিয়া উপদ্বীপ আৰু আজভ সাগৰকে ধৰি কেইবাটাও অঞ্চলত ৯০০খন ইউক্রেনৰ ড্রোণ ধ্বংস কৰিছে। মস্কোৰ মেয়ৰ ছেৰগেই ছ'বিয়ানে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা মস্কোলৈ লক্ষ্য কৰি ৬৫০খন ড্রোণ প্ৰেৰণ কৰা হৈছিল। তাৰ ভিতৰত ১০৫খন ড্রোণ ৰাছিয়াৰ ৰাজধানীৰ সমীপত ধ্বংস কৰা হৈছিল। মেয়ৰগৰাকীয়ে লগতে কয় যে কালি দিনৰ ভাগতো ৬৮খন ড্রোণ ধবংস কৰা হৈছিল।

October 6, 2026 7:53 PM

views 3

ৰাজনৈতিক দলসমূহে জনতাৰ ৰায়ক সন্মান জনাব লাগেঃ কিৰেণ ৰিজিজু

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ধাৰাবাহিকভাৱে দেশৰ নিৰ্বাচন আয়োগ তথা অন্যান্য সাংবিধানিক সংস্থাসমূহক আক্ৰমণ কৰা বিষয়ত কংগ্ৰেছ নেতাজনক সমালোচনা কৰিছে। আজি নতুন দিল্লীত সাংবাদিকসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজনৈতিক দলসমূহে জনতাৰ ৰায়ক সন্মান জনাব লাগে। তেওঁ লগতে কয় যে কংগ্ৰেছ দলে জনতাৰ সমৰ্থন আদায় কৰিব নোৱাৰিলে সাংবিধানিক সংস্থাসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয়। বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰিয়েও কংগ্ৰেছ দলে কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা...

October 6, 2026 7:43 PM

views 9

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হৈছে। খেলখনত টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। সদ্যসমাপ্ত এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ২-১ ফলাফলেৰে জয় লাভ কৰা ভাৰতীয় দলে আজিৰ খেলখনত জয়লাভ কৰি জয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে চেষ্টা চলাব ৷

October 6, 2026 8:32 PM

views 12

নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ সুকলমে সম্পন্ন

নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ সুকলমে সম্পন্ন হয়। নগাওঁ সমষ্টিত বিয়লি ৫ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭৬ শতাংশ ভোটদান হৈছে। চামগুৰিত সৰ্বাধিক ৮০.২২ শতাংশ ভোটদান হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ সুকলমে অনুষ্ঠিত হয়। একেদৰে মৰিগাঁও জিলাৰ ৩ টা ভোটগ্রহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটগ্রহণ সম্পন্ন হয়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই পুৱা ৭ বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৬ নম্বৰ ভোটকেন্দ্ৰত গ...

October 6, 2026 6:47 PM

views 6

গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫৭৪ গৰাকী ৰান্ধনী আৰু সহায়িকাক চেক আৰু উৎকৃষ্টতাৰ প্ৰমাণপত্ৰ প্ৰদান শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ

শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি ধেমাজিৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰদলনি শিক্ষা খণ্ডৰ ৫৭৪ গৰাকী ৰান্ধনী আৰু সহায়িকাক চেক আৰু উৎকৃষ্টতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী পোষণ শক্তি নির্মাণ আঁচনিৰ সফল ৰূপায়ণৰ দিশত সেৱা আগবঢ়োৱা ৰান্ধনী আৰু সহায়িকাসকলৰ সন্মানার্থে এই পদক্ষেপ লোৱা হৈছে। সন্মান লাভ কৰা পি এম পোষণ কৰ্মীসকলে যাতে অনাগত দিনত নিষ্ঠা আৰু সেৱাৰ মনোভাৱেৰে কৰ্মত অগ্ৰসৰ হ'ব পাৰে তাৰ বাবে মন্ত্রী ডা০ পেগুৱে শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে ৰা...

October 6, 2026 6:40 PM

views 11

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা চলি আছে। বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি বিজেপিয়ে ২৩ টা ৱাৰ্ডত জয়লাভ কৰিছে আৰু মিত্ৰদল অসম গণ পৰিষদে দুটা ৱাৰ্ড হস্তগত কৰিবলৈ সমৰ্থ হৈছে। ২৯ আৰু ৩০ নম্বৰ ৱাৰ্ডত পুনৰ ভোটগণনাৰ নিৰ্দেশ দিয়া হৈছে। ৱাৰ্ড দুটাত পুনৰ গণনা চলি আছে।

October 6, 2026 6:29 PM

views 15

৭২ সংখ্যক বন্যপ্রাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টাৰ গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন

৭২ সংখ্যক বন্যপ্রাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীদামোদৰদেৱ আন্তৰ্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হৈছে। এই সপ্তাহৰ এই বছৰৰ মূল বিষয়বস্তু হৈছে বসতিস্থলৰ সংযোগ সাধন আৰু বন্যপ্ৰাণীৰ পূৰ্ণবিকাশ। আজিৰ অনুষ্ঠানত অংশ লৈ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ প...

October 6, 2026 6:28 PM

views 14

হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উদ্যোগত শুৱালকুছিত মেগা হেণ্ডলুম ক্লাষ্টাৰ উদ্বোধন

হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উদ্যোগত শুৱালকুছিত আজি মেগা হেণ্ডলুম ক্লাষ্টাৰৰ উদ্বোধন কৰা হয়। হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আঁচনিখন উদ্বোধন কৰে। হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ২৯ কোটি আৰু ৰাজ্য চৰকাৰৰ ৩ কোটিসহ মুঠ ৩২ কোটি টকা ব্যয় সাপেক্ষে আঁচনিখন ৰূপায়ণ কৰা হয়। হস্ততাঁত ক্লাষ্টাৰটোৰ অধীনত ৫ খন গাঁও পঞ্চায়ত ৬৮ খন গাঁৱৰ মুঠ ৪,২৬৬ গৰাকী শিপিনীক তাঁতশাল আৰু যাৱতীয় সা-সৰঞ্জাম যোগান ধৰা হ'ব। আজি এই উদ্বোধন...

October 6, 2026 6:22 PM

views 13

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। যোৰহাট জিলাত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে মৰিয়নি সমজিলা প্ৰশাসন আৰু পূৱ যোৰহাট উন্নয়ণ খণ্ডৰ উদ্যোগত আজি চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সেৱা সেতু অভিযানৰ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত চৰকাৰী সেৱা আৰু কল্যাণমূলক আঁচনিসমূহৰ সুবিধা প্ৰদান আৰু ৰাইজৰ আবেদন গ্ৰহণ কৰাৰ লগতে প্রশাসনিক সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰা হয়। ধেমাজী জিলাত আজি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বৰদলনি উন্নয়ণ খণ্ডত সেৱা সংকল্প অভিযানৰ শিবিৰ মুকলি কৰে। এই শিব...

October 6, 2026 6:17 PM

views 8

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিমিষা ঠাকুৰীয়া নামৰ ছাত্ৰীৰ হত্যাৰ গোচৰত অভিযুক্ত আছিক আলী আৰক্ষীৰ গুলীত আহত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিমিষা ঠাকুৰীয়া নামৰ এগৰাকী ছাত্ৰীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত আছিক আলী আৰক্ষীৰ গুলীত আহত হৈছে। ছাত্ৰীগৰাকীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আছিক আলীক আৰক্ষীয়ে লগত লৈ আজি পুৱতি নিশা তথ্য সংগ্ৰহৰ বাবে যাওঁতে পলায়নৰ চেষ্টা কৰে। ফলস্বৰূপে আৰক্ষীয়ে কৰা গুলীচালনাত অভিযুক্ত আছিক আলীৰ ভৰিত গুলী লাগি আহত হয়। আহত অভিযুক্তগৰাকীক আৰক্ষীয়ে লগে লগে গড়ল প্রাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায় আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ...