September 10, 2026 2:17 PM

views 11

ৰাজ্যৰ জিলা আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন অহা দেওবাৰ আৰু সোমবাৰে যোৰহাটত অনুষ্ঠিত হ’ব

ৰাজ্যৰ জিলা আয়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন অহা দেওবাৰ আৰু সোমবাৰে যোৰহাটত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। এই সন্মিলনৰ প্ৰথম দিনা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামৰা চাহ বাগিচাত জিলাখনৰ নৱনিৰ্মিত আয়ুক্তৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰিব। সেইদিনাই চিনামৰাৰ সভাগৃহত আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হ'ব আৰু এই সন্মিলনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ বিস্তৃত পর্যালোচনা কৰ...

September 10, 2026 1:57 PM

views 32

অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেৰ দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন

অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন কৰিছে। বজালী জিলাৰ পাঠশালাত অনুষ্ঠিত অসম যুৱ পৰিষদৰ এখন বৈঠকত পাছত পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নে কালি কয় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা ৰাজ্যৰ বান আৰু খহনীয়াৰ স্থায়ী সমাধানৰ বাবে দাবী উত্থাপন কৰি আহিছে। কেৱল ৰাজ্যিক পৰ্যায়ত এই সমস্যা সমাধানৰ চেষ্টা চলাই থাকিলে ইয়াৰ স্থায়ী সমাধান সম্ভৱ নহয় বুলিও তেওঁ উল্লেখ কৰে। শ্...

September 10, 2026 1:50 PM

views 6

কেন্দ্ৰীয় শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত ২০২৭ বৰ্ষৰ বিশ্ব বহনক্ষম উন্নয়ন শীৰ্ষ সন্মিলনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন

কেন্দ্ৰীয় শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত কালি ২০২৭ বৰ্ষৰ বিশ্ব বহনক্ষম উন্নয়ন শীৰ্ষ সন্মিলনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু সহনশীলতা আৰু বহনক্ষম উন্নয়ন সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত অংশ লৈ ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, যে অদূৰ ভৱিষ্যতত জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিষয় দুটা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিব। অসমৰ বাবে উন্নয়ন আৰু ঔদ্যোগিকীকৰণৰ সমান্তৰালভাৱে কিদৰে পৰিৱেশ বহনক্ষম আৰু জলবায়ু...

September 10, 2026 1:42 PM

views 19

ৰাজ্য চৰকাৰে পশুধনৰ বীমা সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি লাভ কৰিছে

ৰাজ্য চৰকাৰে পশুধনৰ বীমা সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি লাভ কৰিছে। এই পুঁজিৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰাৰম্ভিক পৰ্যায়ত মুঠ ২ লাখ ২৯ হাজাৰ ৬৪৬টা পশুধনক বীমাৰ আওঁতালৈ অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। পশুপালন আৰু পশু চিকিৎসা বিভাগে ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অধীনত এই বীমা সেৱা আঁচনি ৰূপায়ণ কৰিব। বিভাগীয় তথ্য অনুসৰি আঁচনিখনৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২ কোটি ১১ লাখ ২৫ হাজাৰ টকা প্ৰদান কৰিছে। আঁচনিখনৰ বাবদ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২৩ লাখ ৪৭ হাজাৰ টকা ব্যয় কৰা হ'ব। কেন্দ্ৰীয...

September 10, 2026 1:31 PM

views 11

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্রীৰ

অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্রাপ্ত প্রকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী ক্রমে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড কে চাংমাই কালি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ কৰে।কৰ্তব্য ভৱনত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ মূলধনী ব্যয় বৃদ্ধি কৰা আৰু বাহ্যিক সাহায্যপ্রাপ্ত প্ৰকল্পৰ জৰিয়তে ভৌগোলিক তথা আন্তঃগাঁথনি উন্নয়নৰ বাবে নতুন বিনিয়োগৰ পথ মুকলি কৰা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শর্মাই সামাজ...

September 10, 2026 1:26 PM

views 11

উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৪খন অতিৰিক্ত বিশেষ ৰে’লৰ সেৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত

আসন্ন উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ লগতে অতিৰিক্ত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৪খন অতিৰিক্ত বিশেষ ৰে’লৰ সেৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। ০৪০০৮ আৰু ০৪০০৭ নম্বৰৰ আনন্দ বিহাৰ-যোগবণী উৎসৱ বিশেষ এক্সপ্ৰেছ ৰে'লগাড়ীখন ১০ অক্টোবৰৰ পৰা ৮ নৱেম্বৰলৈ ৫ বাৰকৈ অহা-যোৱা কৰিব। ০৮০৪৭/০৮০৪৮ নম্বৰৰ সন্ত্ৰাগাছী জংচন-নাহৰলগুন বিশেষ ৰে’লগাড়ীখন ১১ ৰ পৰা ২৬ ছেপ্তেম্বৰলৈ তিনিবাৰকৈ যাত্ৰা সম্প্ৰসাৰিত কৰা হৈছে। যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰে'ল দুখনত দবাৰ সংখ্যাও বৃদ্ধি কৰা হৈছে...

September 10, 2026 12:54 PM

views 10

কৰ্মচাৰী বীমা নিগম চিকিৎসালয়— ই এছ আই চি আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে পুঁজি আৱণ্টন বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ মিজোৰাম চৰকাৰৰ দাবী

মিজোৰাম চৰকাৰে ৰাজ্যখনত এখন কৰ্মচাৰী বীমা নিগম চিকিৎসালয়— ই এছ আই চি আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে পুঁজি আৱণ্টন বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে। ৰাজ্যৰ শ্রম মন্ত্ৰী লালিংল’ভা মা’ৰে কেন্দ্ৰীয় শ্ৰম আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াক নতুন দিল্লীত সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰে। তেওঁ লগতে মিজোৰামত শ্রমিক কল্যাণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও জানিবলৈ দিয়ে। তেওঁ কয়, যে শ্রমিক কল্যাণ ব'ৰ্ডৰ অধীনত মিজোৰামত গৃহ নিৰ্মাণ আৰু অন্যান্য আন্তঃগাঁথনি নির্মাণ বৃদ্ধি পাইছে। শ্রম মন্ত্ৰীগ...

September 10, 2026 12:52 PM

views 9

কাছাৰ আৰক্ষী অভিযানত ১৭ কুইণ্টল বার্মিজ আফুগুটি জব্দ

কাছাৰ আৰক্ষীয়ে যোৱা নিশা বাঁশকান্দি আৰক্ষী চকীৰ অধীনৰ আলগাপুৰৰ এটা গুদামত অভিযান চলাই ১৭ কুইণ্টল বার্মিজ আফুগুটি জব্দ কৰে। আৰক্ষীয়ে আফুগুটি সৰবৰাহৰ সৈতে জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। জব্দ হোৱা আফুগুটিখিনি ক'ৰপৰা অনা হৈছিল, ইয়াৰ সৰবৰাহৰ সৈতে কোনো চক্র জড়িত আছে নেকি সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

September 10, 2026 12:48 PM

views 26

বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আত্মহননৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচীৰ আয়োজন

বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আত্মহননৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সমাজৰ পৰা আত্মহত্যাৰ প্ৰৱণতা দূৰ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১০ ছেপ্তেম্বৰৰ দিনটোত এনে কাৰ্যসূচী লোৱা হয়। এই বছৰ আত্মহত্যা প্ৰতিৰোধ দিৱসৰ মূল বিষয়বস্তু হৈছে – ‘আত্মহত্যাৰ ধাৰণাৰ পৰিৱৰ্তন'। নিজক হত্যা কৰিবলৈ ইচ্ছা কৰা, আত্মহননৰ প্ৰস্তুতি বা পৰিকল্পনাৰ বিষয়ে আলোচনা অত্যধিক অপৰাধবোধ, সামাজিক মাধ্যমযোগে আত্মহননৰ ইচ্ছা প্রকাশ কৰা বা অহৰহ নিৰাশাবাদী মতামত প্ৰকাশ কৰা, আগতে উপভোগ কৰা কা...

September 10, 2026 12:44 PM

views 9

আজি জ্ঞানপীঠ বঁটাৰে সন্মানিত কাব্যঋষি নীলমণি ফুকনৰ ৯৫ সংখ্যক ওপজা দিন

ৰাজ্যৰ বিভিন্ন ঠাইত আজি জ্ঞানপীঠ বঁটাৰে সন্মানিত কাব্যঋষি নীলমণি ফুকনৰ ৯৫ সংখ্যক ওপজা দিন উদযাপন কৰা হৈছে। ১৯৩৩ চনত ১০ ছেপ্তেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱত জন্মগ্ৰহণ কৰা প্ৰয়াত নীলমণি ফুকনে কবিতা শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ বাবে ১৯৮১ চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেওঁক ১৯৯০ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। নীলমণি ফুকনক সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জন্ম বার্ষিকী উপলক্ষে সাহিত্য...