October 7, 2026 7:55 PM

views 5

T-20 শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা ক্রিকেট দলত অসমৰ জিণ্টীমণি কলিতাৰ স্থানলাভ

অসমৰ জিণ্টীমণি কলিতাই জিম্বাব’ৱেৰ বিৰুদ্ধে হ’বলগীয়া টি-টুৱেন্টি শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা ক্রিকেট দলত স্থানলাভ কৰিছে। ভাৰতে ১৬, ১৮ আৰু ২০ অক্টোবৰত জিম্বাব' ৱেৰ বিৰুদ্ধে ৩ খন টি-টুয়েন্টি খেলত অৱতীৰ্ণ হ'ব। মঙলদৈৰ জিণ্টীমণি কলিতাই ভাৰতীয় মহিলা ক্রিকেট দলত স্থান লাভৰ পাছতেই পৰিয়ালৰ লগতে অঞ্চলৱাসী উৎফুল্লিত হৈছে।

October 7, 2026 7:38 PM

views 4

মুদ্রা নীতি সমিতিয়ে সর্বসন্মতভাৱে ৰেপ’ৰেট বৃদ্ধিৰ সিদ্ধান্ত লৈছে

বিশ্বজুৰি দেখা দিয়া অনিশ্চয়তাৰ মাজত বর্ধিত মুদ্রাস্ফীতি হ্ৰাস কৰাৰ বাবে আজি ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ’ৰেট ২৫ বেছিচ পইণ্ট বৃদ্ধিৰে ৫.৫ শতাংশ কৰিছে। দুমহীয়া মুদ্রানীতি ঘোষণা কৰি আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্রাই কয়, যে মুদ্রা নীতি সমিতিয়ে সর্বসন্মতভাৱে ৰেপ’ৰেট বৃদ্ধি সিদ্ধান্ত লৈছে। ইয়াৰ আগেয়ে ২০২৩ চনৰ ফেব্ৰুৱাৰীত ৰেপ’ৰেট ৬.৫ শতাংশলৈ বৃদ্ধি কৰা হৈছিল বুলি গৱনৰ্গৰাকীয়ে প্ৰকাশ কৰে।

October 7, 2026 7:55 PM

views 1

আজি বিশ্ব কপাহ দিৱস

আজি বিশ্ব কপাহ দিৱস। গোলকীয় অর্থনীতি, সামাজিক আৰু পৰিৱেশত কপাহৰ গুৰুত্বৰ প্রয়োজনীয়তা উপলব্ধি কৰি প্ৰতিবছৰে ৭ অক্টোবৰত এই দিৱস পালন কৰি অহা হৈছে। এইবেলি এই দিৱসৰ বিষয়বস্তু হৈছেঃ ‘‘Cotton for Good: Building Prosperity Through Trade, Transformation and Partnership’’। এটা ভিডিঅ' বার্তা সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে এই খণ্ডৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকীকে কপাহ দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে এই দিৱসৰ জৰিয়তে কপাহ খেতিয়কসকলক সন্মান জনোৱা হয়। ...

October 7, 2026 6:16 PM

views 11

প্রধানমন্ত্ৰী মোদীৰ জনসেৱাৰ ২৫ বছৰ সম্পূৰ্ণ উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শুভেচ্ছা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসেৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বৰ্ত্তাত অধ্যক্ষগৰাকীয়ে কয় যে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শ্ৰীমোদীৰ দেশৰ প্রধানমন্ত্ৰী হোৱাটো কৰা এই যাত্ৰাৰ বন্ধৰ সেৱাৰ প্ৰতি উৎসৰ্গ মনোভাৱ, সুপ্ৰশাসন আৰু জনকল্যাণৰ প্ৰতীকৰূপে চিহ্নিত হৈছে। শ্ৰীবিৰলাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১০ চনত গুজৰাটত গ্ৰহণ কৰা সংবিধান গৌৰবৰ যাত্ৰা আৰু ২০১৫ৰ পৰা ৰাষ্ট্ৰীয় পর্যায়ত অনুষ্ঠিত কৰি অহা সংবিধান দিৱসৰ জৰিয়তে সংবিধানৰ...

October 7, 2026 5:18 PM

views 8

ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্যনীতি গৱেষণা প্ৰতিষ্ঠান আই এফ পি আৰ আইৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী, আধুনিক, জলবায়ু সহনশীল আৰু কৃষককেন্দ্ৰীক কৰি তোলাৰ লগতে আজি গুৱাহাটীত ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্যনীতি গৱেষণা প্ৰতিষ্ঠান আই এফ পি আৰ আইৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। কৃষি মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তিৰ জৰিয়তে কৃষি ৰূপান্তৰ, জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা, বানপানীৰ সৈতে অভিযোজন, গ্রাম্য জীৱিকাৰ উন্নয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত সহায় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে অসমৰ ধান ভিত্তি...

October 7, 2026 4:56 PM

views 8

ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্রা অনুষ্ঠিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি ৰূপায়িত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্রা অনুষ্ঠিত হৈছে। এই যাত্ৰাৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনৈতিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিক স্মৰণ কৰা হৈছে। এই যাত্ৰাত জ্যেষ্ঠ মহিলা কৰ্মী আৰু যুৱ সমাজে হাতে হাতে সেৱা জ্যোতি কলহ লৈ অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত বিকশিত ভাৰত সংকল্প সভাত অ...

October 6, 2026 8:25 PM

views 10

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্রীয় মন্ত্রীসভাৰ প্ৰধানমন্ত্ৰীগৰাকীক শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্রীয় মন্ত্রীসভাই আজি প্ৰধানমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে শ্রীমোদীয়ে ২০০১ চনৰ ৭ অক্টোবৰত প্ৰথম বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ ২০১৪ চনত দেশৰ প্রধানমন্ত্রী হিচাপে নির্বাচিত হয়। কাইলৈ শ্ৰীমোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী মোদীৰ এই ২৫ বছৰীয়া কাৰ্যকালত দেশৰ গণতন্ত্ৰৰ...

October 6, 2026 8:32 PM

views 7

সংহত পৰিবহন আৰু সৰবৰাহ প্ৰাধিকৰণ গঠনৰ প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই সংহত পৰিবহন আৰু সৰবৰাহ প্ৰাধিকৰণ গঠনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত আজি নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে কয় যে ইয়াৰ দ্বাৰা সমগ্ৰ পৰিবহন আৰু সৰবৰাহ খণ্ডত গৱেষণা, পৰিকল্পনা, মূল্যায়ন আৰু নিৰীক্ষণ শক্তিশালী হ'ব। তেওঁ লগতে কয় যে এই প্ৰাধিকৰণে দেশত সংহত পৰিবহন আৰু সৰবৰাহ পৰিকল্পনাৰ বাবে শীৰ্ষ সংস্থা হিচাপে কাম কৰে। দেশৰ জিডিপি প্রায় ৭ৰ পৰা ৮ শতাংশ হাৰত বৃদ্ধি পোৱাৰ লগে লগে সৰবৰাহৰ চাহিদাও ক্রমা...

October 6, 2026 8:06 PM

views 9

বিজ্ঞানী ফ্রান্সিচ হাজেনলৈ ২০২৬ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নৱেল বঁটা

বেলজিয়ামত জন্মগ্ৰহণ কৰা বিজ্ঞানী ফ্রান্সিচ হাজেনলৈ ২০২৬ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নৱেল বঁটা আগবঢ়োৱা হৈছে। আইচ কিউব নামৰ মৌলিক কণা নিৰীক্ষণৰ মান মন্দিৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান আৰু জ্যোতি পদাৰ্থবৈজ্ঞানীক উৎসৰ পৰা নিৰ্গত উচ্চ শক্তিসম্পন্ন মৌলিক কণাৰ আৱিষ্কাৰৰ বাবে বিজ্ঞানীগৰাকীক নৱেল বঁটাৰ বাবে বাচনি কৰা হৈছে। ৮২ বছৰীয়া ফ্ৰান্সিছ হাজেনৰ নেতৃত্বত এটা আন্তঃৰাষ্ট্ৰীয় দলে দক্ষিণ মেৰুত নিউট্ৰিন'ৰ উপস্থিতি ধৰা পেলোৱাৰ বাবে আইচ কিউব নামৰ ডিটেকটৰ বিকশাই তুলিছে। ইয়াৰ ফলত ব্ৰহ্মাণ্ডৰ অধ্যয়নৰ নতুন পথ মুকলি...

October 6, 2026 8:01 PM

views 7

দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত প্রধানমন্ত্ৰী মোদীৰ ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূর্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই অভিযানৰ সৈতে সংগতি ৰাখি প্ৰচাৰ কৰি অহা আমাৰ প্ৰতিবেদনত আজি ইউ পি আই ব্যৱস্থাৰ জৰিয়তে প্রধানমন্ত্ৰী...