ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী, আধুনিক, জলবায়ু সহনশীল আৰু কৃষককেন্দ্ৰীক কৰি তোলাৰ লগতে আজি গুৱাহাটীত ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্যনীতি গৱেষণা প্ৰতিষ্ঠান আই এফ পি আৰ আইৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়।
কৃষি মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তিৰ জৰিয়তে কৃষি ৰূপান্তৰ, জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা, বানপানীৰ সৈতে অভিযোজন, গ্রাম্য জীৱিকাৰ উন্নয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত সহায় হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে অসমৰ ধান ভিত্তিক কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণৰ লগতে চাহ, উদ্যান শস্য, পশুপালন আৰু মীনপালন খণ্ডৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা হ’ব।
তদুপৰি উচ্চ মূল্যৰ কৃষিজাত সামগ্ৰীৰ শৃংখল গঢ়ি তোলা আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলকো এই চুক্তিয়ে উপকৃত কৰিব বুলি শ্ৰীহাজৰিকাই কয়। এই অনুষ্ঠানত ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটা, কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন সচিব পি নন্দ কুমাৰ, আন্তঃৰাষ্ট্ৰীয় খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ গৱেষক ড০ অবিনাশ কিশোৰ আৰু ড০ দেৱেশ ৰয়ৰ উপৰি প্ৰতিষ্ঠানটোৰ বিত্ত প্ৰশাসনৰ মুৰব্বী জ্যোৎস্না দুৱাও উপস্থিত থাকে।