প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি ৰূপায়িত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্রা অনুষ্ঠিত হৈছে। এই যাত্ৰাৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনৈতিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিক স্মৰণ কৰা হৈছে। এই যাত্ৰাত জ্যেষ্ঠ মহিলা কৰ্মী আৰু যুৱ সমাজে হাতে হাতে সেৱা জ্যোতি কলহ লৈ অংশগ্ৰহণ কৰিছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত বিকশিত ভাৰত সংকল্প সভাত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ঐতিহাসিক যাত্ৰাক স্মৰণ কৰে। তেওঁ কয় যে আজি আৰম্ভ কৰা সেৱা জ্যোতি কলহ যাত্ৰাই সেৱা সংকল্প আৰু বিকশিত ভাৰতৰ বাৰ্তা ৰাজ্যৰ প্ৰতিটো প্ৰান্তলৈ কঢ়িয়াই নিব। অসমৰ উন্নয়ন আৰু বিকাশৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় খনিকৰ খেলপথাৰত আয়োজিত বিকশিত ভাৰত সংকল্প সভা, সেৱা জ্যোতি কলহ যাত্ৰাত অংশগ্ৰহণ কৰে। এই উপলক্ষে তেওঁ কয় যে প্রধানমন্ত্ৰী মোদীৰ জনসেৱাৰ দীঘল পৰিক্ৰমাই ৰাষ্ট্ৰসেৱাৰ অনন্য অধ্যয়ৰ ৰূপ লৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ ছটা বিধানসভা সমষ্টি সামৰি আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰী ৰামেশ্বৰ টেলী, বিমল বৰা, কেইবাগৰাকী বিধায়ক আৰু দলীয় নেতাসকলে অংশ লয়।
ইপিনে, তেজপুৰৰ চাৰ্চফিল্ডত আয়োজিত জ্যোতি কলহযাত্ৰাত মন্ত্রী অশোক সিংহল আৰু শিৱসাগৰত আয়োজিত অনুষ্ঠানত মন্ত্ৰী সুশান্ত বৰগোহাইয়ে অংশ লয়। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী বৰগোহাইয়ে দিখৌ নৈৰ সমীপৰ মথাউৰি নথকা অঞ্চলসমূহত মথাউৰি নিৰ্মাণৰ বাবে ১১২ কোটি টকাৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে। শিলচৰৰ পুলিচ পেৰেড গ্রাউণ্ডত আযোজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ অনলাইন সম্প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়, ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
চৰাইদেউ জিলাৰ সোণাৰীত ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হোৱা জ্যোতি কলহ যাত্ৰা কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ যোগেন মহন, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মাহমৰাৰ বিধায়ক সুৰুজ দিহিঙিয়াকে ধৰি বহু লোকে অংশগ্ৰহণ কৰে৷ একেদৰে তামুলপুৰ জিলা বিজেপিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী অংশ লৈ প্ৰধানমন্ত্ৰীৰ ২৫ বছৰীয়া নিস্বাৰ্থ সেৱা সন্দৰ্ভত আলোকপাত কৰে। বিশ্বনাথ জিলাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত বিধায়ক উৎপল বৰা আৰু পল্লব লোচন দাসে অংশগ্ৰহণ কৰে।
ইপিনে, চিৰাঙৰ কাজলগাঁৱত আয়োজিত কাৰ্যসূচীত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে অংশ লয়। কাৰ্বি আংলং জিলাৰ হামৰেণত আয়োজিত সেৱা জ্যোতি কলহ যাত্ৰাৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা চাউল কঢ়িয়াই অনা কলহসমূহ প্ৰতিটো বিধান সভা সমষ্টি, পৰিষদীয় সমষ্টি আৰু মণ্ডল কাৰ্যালয়লৈ লৈ যোৱা হয়।