October 7, 2026 4:56 PM

views 4

ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্রা অনুষ্ঠিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সেৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি ৰূপায়িত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি সেৱা জ্যোতি কলহ যাত্রা অনুষ্ঠিত হৈছে। এই যাত্ৰাৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনৈতিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিক স্মৰণ কৰা হৈছে। এই যাত্ৰাত জ্যেষ্ঠ মহিলা কৰ্মী আৰু যুৱ সমাজে হাতে হাতে সেৱা জ্যোতি কলহ লৈ অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত বিকশিত ভাৰত সংকল্প সভাত অ...

October 6, 2026 6:22 PM

views 11

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। যোৰহাট জিলাত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে মৰিয়নি সমজিলা প্ৰশাসন আৰু পূৱ যোৰহাট উন্নয়ণ খণ্ডৰ উদ্যোগত আজি চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সেৱা সেতু অভিযানৰ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত চৰকাৰী সেৱা আৰু কল্যাণমূলক আঁচনিসমূহৰ সুবিধা প্ৰদান আৰু ৰাইজৰ আবেদন গ্ৰহণ কৰাৰ লগতে প্রশাসনিক সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰা হয়। ধেমাজী জিলাত আজি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বৰদলনি উন্নয়ণ খণ্ডত সেৱা সংকল্প অভিযানৰ শিবিৰ মুকলি কৰে। এই শিব...

October 4, 2026 6:55 PM

views 11

সেৱা সেঁতু অভিযানৰ অধীনত বিভিন্ন জিলাত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত

সেৱা সেতু অভিযানৰ অংশ হিচাপে আজি বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহগুৰিৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত সেৱা সেতু শিবিৰ অনুষ্ঠিত হয়। শিবিৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰায় ২৪ খন জনকল্যাণমূলক আঁচনিৰ সেৱা আগবঢ়োৱা হয়। চৰকাৰী সেৱাসমূহৰ সুবিধা যাতে জনসাধাৰণে সঠিকভাৱে লাভ কৰিব পাৰে এই উদ্দেশ্যে আয়োজিত শিবিৰত বৰছলাৰ বিধায়ক ঋতু বৰণ শৰ্মা উপস্থিত থাকে। ওদালগুৰি জিলাতো সেৱা সেতু অভিযানৰ অংশ হিচাপে ভিন ভিন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। যোৰহাট জিলা প্রশাসন, টীয়ক জিলা প্ৰশাস...

September 25, 2026 7:46 PM

views 40

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা ভিন ভিন কাৰ্যসূচী ৰূপায়ণ

সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা ভিন ভিন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোৱালপাৰা জিলা বিজেপিৰ সহযোগত গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত বাটৰ নাট প্ৰদৰ্শন কৰা হৈছে। নমো সেৱা অকথিত কাহিনী শীৰ্ষক সেৱা সংকল্প অভিযাৰ জড়িয়তে জিলাখনৰ ঠায়ে ঠায়ে বাটৰ নাট প্ৰদৰ্শন কৰি থকা হৈছে। কালি গোৱালপাৰা চহৰ, কৃষ্ণাই, ৰংচাই, আগিয়া আদি অঞ্চলত বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷ এই অভিযানৰ লগত সংগতি ৰাখি দৰং জিলাত বিশেষ...