সেৱা সেতু অভিযানৰ অংশ হিচাপে আজি বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহগুৰিৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত সেৱা সেতু শিবিৰ অনুষ্ঠিত হয়। শিবিৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰায় ২৪ খন জনকল্যাণমূলক আঁচনিৰ সেৱা আগবঢ়োৱা হয়। চৰকাৰী সেৱাসমূহৰ সুবিধা যাতে জনসাধাৰণে সঠিকভাৱে লাভ কৰিব পাৰে এই উদ্দেশ্যে আয়োজিত শিবিৰত বৰছলাৰ বিধায়ক ঋতু বৰণ শৰ্মা উপস্থিত থাকে।
ওদালগুৰি জিলাতো সেৱা সেতু অভিযানৰ অংশ হিচাপে ভিন ভিন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
যোৰহাট জিলা প্রশাসন, টীয়ক জিলা প্ৰশাসন আৰু টীয়ক উন্নয়ন খণ্ডৰ যৌথ উদ্যোগত কাকজান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত সেৱা সেতু অভিযানৰ বিশেষ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত সেৱা সেতু প’ৰ্টেলৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকসকলক চৰকাৰী সেৱা আৰু কল্যাণমূলক আঁচনিসমূহৰ সুবিধা প্ৰদান, আবেদন গ্ৰহণ আৰু প্ৰশাসনিক সমস্যাসমূহৰ তাৎক্ষণিক সমাধানৰ ব্যৱস্থা কৰা হয়। কাৰ্যসূচীত টীয়কৰ বিধায়ক বিকাশ শইকীয়া, যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানী আৰু টীয়ক সমজিলা আয়ুক্ত মগেন নৰহ উপস্থিত থাকে।
শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ পাঁচোটা উন্নয়ন খণ্ডত বিশেষ সেৱা শিবিৰৰ আয়োজন কৰা হৈছে। অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি আমগুৰি উন্নয়ন খণ্ডৰ পি এমশ্ৰী আমগুৰি হালোৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ অনুষ্ঠিত হৈছে। শিবিৰত বিভিন্ন চৰকাৰী সেৱা, জনকল্যাণমূলক আঁচনিৰ সুবিধা, আৱেদন পঞ্জীয়ন আৰু নথি পৰীক্ষণৰ সুবিধা ৰাইজক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।
একেদৰে ধেমাজি জিলাৰ বিভিন্ন উন্নয়ন খণ্ডত সেৱা সেঁতু অভিযানৰ অধীনত অহা ৬, ৮ আৰু ৯ অক্টোবৰত সেৱা শিৱিৰ অনুষ্ঠিত কৰা হ’ব। এই শিৱিৰসমূহ পৰিচালনাৰ বাবে খণ্ড উন্নয়ন বিষয়া, দণ্ডাধীশ আৰু নোডেল বিষয়াক দায়িত্ব অর্পণ কৰা হৈছে।
দক্ষিণ শালমাৰাৰ মানকাচৰতো ৬ আৰু ৮ অক্টোবৰত সেৱা সেতু অভিযানক অধীনত নাগৰিক সেৱা শিবিৰ অনুষ্ঠিত হ’ব।