সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। যোৰহাট জিলাত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে মৰিয়নি সমজিলা প্ৰশাসন আৰু পূৱ যোৰহাট উন্নয়ণ খণ্ডৰ উদ্যোগত আজি চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সেৱা সেতু অভিযানৰ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত চৰকাৰী সেৱা আৰু কল্যাণমূলক আঁচনিসমূহৰ সুবিধা প্ৰদান আৰু ৰাইজৰ আবেদন গ্ৰহণ কৰাৰ লগতে প্রশাসনিক সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰা হয়।
ধেমাজী জিলাত আজি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বৰদলনি উন্নয়ণ খণ্ডত সেৱা সংকল্প অভিযানৰ শিবিৰ মুকলি কৰে। এই শিবিৰৰ জৰিয়তে ২৪ খন জনকল্যাণমূলক আঁচনিৰ সেৱা খৰতকীয়াভাৱে যোগ্য হিতাধিকাৰী পোৱাটো নিশ্চিত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত ৰাইজৰ সৈতে মত-বিনিময় কৰি তেওঁলোকক আঁচনিসমূহৰ সেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। কাৰ্বি আংলং জিলাৰ মানজা উন্নয়ন খণ্ডৰ কাৰ্যালয়তো আজি সেৱা সংকল্প অভিযানৰ অংশ হিচাপে শিবিৰ মুকলি কৰা হয়।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত আজি মুকলি কৰা শিবিৰত অৰুণোদয়, আয়ুষ্মান ভাৰত, প্রধানমন্ত্ৰী কিষাণ সম্মান নিধিকে ধৰি বিভিন্ন আঁচনিৰ আৰু সেৱাৰ বিষয়ে ৰাইজক অৱগত কৰা হয়। এই শিবিৰত ফেকামাৰী উন্নয়ন খণ্ড এলেকাৰ কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে।
চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত আজি বিশেষ স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। চৰকাৰী সেৱাসমূহ জনসাধাৰণক উপলব্ধ কৰোৱাৰ বাবে আয়োজিত এই শিবিৰ মাহমৰাৰ বিধায়ক সুৰুজ দিহিঙিয়াই মুকলি কৰে। এই শিবিৰত ৰাইজে বিনামুলীয়া স্বাস্থ্য সেৱা আৰু ঔষধ লাভ কৰাৰ লগতে ২৪ টা চৰকাৰী সেৱাৰ সুবিধা লাভ কৰে।
ডিব্ৰুগড়ৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়তো আজি সেৱা সংকল্প অভিযানৰ অংশ হিচাপে স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। কাইলৈ খনিকৰ পথাৰত, পৰহিলৈ ৰাজগড় ৰাজহুৱা প্ৰেক্ষাগৃহত ৯ অক্টোবৰত চাবুৱাৰ বেটমালা কমিউনিটি হলত, ১০ অক্টোবৰত ডুলিয়াজান বিহুতলীত আৰু ১২ অক্টোবৰত ডিব্ৰুগড় পৌৰ নিগমৰ বহুমুখী ভৱনত এই শিবিৰ অনুষ্ঠিত হ’ব।