সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা ভিন ভিন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোৱালপাৰা জিলা বিজেপিৰ সহযোগত গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত বাটৰ নাট প্ৰদৰ্শন কৰা হৈছে। নমো সেৱা অকথিত কাহিনী শীৰ্ষক সেৱা সংকল্প অভিযাৰ জড়িয়তে জিলাখনৰ ঠায়ে ঠায়ে বাটৰ নাট প্ৰদৰ্শন কৰি থকা হৈছে। কালি গোৱালপাৰা চহৰ, কৃষ্ণাই, ৰংচাই, আগিয়া আদি অঞ্চলত বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷
এই অভিযানৰ লগত সংগতি ৰাখি দৰং জিলাত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। জিলা আয়ুক্ত আয়ুষী জৈনে আজি এখন সংবাদমেলত জনোৱা মতে কেন্দ্ৰীয় চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ সুবিধা জনসাধাৰণে লাভ কৰাটো সুনিশ্চিত কৰাৰ বাবে জিলাখনৰ প্ৰতিটো উন্নয়নখণ্ডত বৃহৎ সমাৰোহৰ আয়োজন কৰা হৈছে। অহা এক তিনি, চাৰি, আঠ আৰু ন অক্টোবৰত জিলাখনৰ পাঁচটা উন্নয়ন খণ্ডত পৃথকে পৃথকে হ’বলগীয়া সমাৰোহত বিত্ত, স্বাস্থ্য, কৃষি, শিক্ষাকে ধৰি সংশ্লিষ্ট চৰকাৰী বিভাগৰ বিপনীৰ আয়োজন কৰা হ’ব বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।