বেলজিয়ামত জন্মগ্ৰহণ কৰা বিজ্ঞানী ফ্রান্সিচ হাজেনলৈ ২০২৬ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নৱেল বঁটা আগবঢ়োৱা হৈছে। আইচ কিউব নামৰ মৌলিক কণা নিৰীক্ষণৰ মান মন্দিৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান আৰু জ্যোতি পদাৰ্থবৈজ্ঞানীক উৎসৰ পৰা নিৰ্গত উচ্চ শক্তিসম্পন্ন মৌলিক কণাৰ আৱিষ্কাৰৰ বাবে বিজ্ঞানীগৰাকীক নৱেল বঁটাৰ বাবে বাচনি কৰা হৈছে।
৮২ বছৰীয়া ফ্ৰান্সিছ হাজেনৰ নেতৃত্বত এটা আন্তঃৰাষ্ট্ৰীয় দলে দক্ষিণ মেৰুত নিউট্ৰিন’ৰ উপস্থিতি ধৰা পেলোৱাৰ বাবে আইচ কিউব নামৰ ডিটেকটৰ বিকশাই তুলিছে। ইয়াৰ ফলত ব্ৰহ্মাণ্ডৰ অধ্যয়নৰ নতুন পথ মুকলি হৈছে। নিউট্রিন’ নামৰ মৌলিক কণাসমূহ অতি ক্ষুদ্ৰ আৰু প্ৰায় ভৰহীন।
এই কণাসমূহ তৰা আৰু অন্য মহাজাগতিক পৰিঘটনাৰ পৰা উৎপন্ন হয়। ৰয়েল চুইডিছ একাডেমী অৱ ছায়েন্সে ষ্টকহমত এই পুৰস্কাৰ ঘোষণা কৰে। এই পুৰস্কাৰত প্রায় ১২ লাখ মার্কিন ডলাৰ প্ৰদান কৰা হয়।