October 8, 2025 8:22 PM

views 63

আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা

ধাৱীয় জৈৱিক পৰিকাঠামোৰ বিকাশৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। চুচুমু কিটাগাৱা, ৰিছাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘি নামৰ এই বিজ্ঞানীকেইগৰাকীয়ে গেছ আৰু অন্য ৰসায়ন প্ৰৱাহিত হ'ব পৰা বৃহৎ ব্যৱধানবিশিষ্ট আণৱিক পৰিকাঠামো বিকশাই তুলিছে। চুচুমু কিটাগাৱা জাপানৰ ক্যটো বিশ্ববিদ্যালয়ৰ অধ্যাপক। ৰিছাৰ্ড ৰবছন অষ্ট্ৰেলিয়াৰ মেলবর্ণ বিশ্ববিদ্যালয়ৰ আৰু ওমৰ এম য়াঘিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপ...

October 6, 2025 8:46 PM

views 57

মেৰী, ই. ব্রাংক’, ফ্রেড ৰেমছডেল, শ্বিমন চাকাগুচিলৈ ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা

মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ দিশত যুগান্তকাৰী আৱিষ্কাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী মেৰী, ই. ব্রাংক' আৰু ফ্রেড ৰেমছডেলৰ লগতে জাপানৰ শ্বিমন চাকাগুচিক ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে আমাৰ শৰীৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰা সহস্রাধিক অণুজীৱৰ পৰা ৰোগ প্ৰতিৰোধ প্রণালীয়ে কেনেদৰে আমাক সুৰক্ষিত কৰি ৰাখে সেই দিশত কৰা আৱিস্কাৰৰ বাবে বিজ্ঞানীসকলক নবেল বঁটাৰ বাবে বাছনি কৰা হৈছে। আজি ছুইডেনৰ ষ্টকহোমত অনুষ্ঠিত এটা অনুষ্ঠানত নোবেল কমিটীয়ে তিনিওগৰাকী বিজ্ঞানীকে "টি" কোষ...

October 14, 2024 7:20 PM

views 68

ডেন এছিমগলু, ছাইমন জনছেন আৰু জেইমছ ৰবিনছনলৈ ২০২৪ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল পুৰস্কাৰ

ডেন এছিমগলু, ছাইমন জনছেন আৰু জেইমছ ৰবিনছনলৈ ২০২৪ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল পুৰস্কাৰ আগবঢ়োৱা হৈছে। দেশৰ সমৃদ্ধিক সাকাৰ কৰাৰ ক্ষেত্ৰত সামাজিক সংস্থাসমূহৰ ভূমিকা সন্দৰ্ভত কৰা যুগান্তকাৰী গৱেষণাৰ বাবে তেওঁলোকলৈ এই সন্মান আগবঢ়োৱা হৈছে। অর্থনীতিৰ পুৰষ্কাৰ ঘোষণা কৰি ৰয়েল ছুইডিছ একাডেমী অফ ছাইন্সেজৰ ন’বেল সমিতিয়ে দেশৰ অৰ্থনৈতিক বিকাশ, অসমানতা হ্ৰাস আৰু আইনৰ শাসন উন্নীতকৰণৰ ক্ষেত্ৰত সামাজিক প্রতিষ্ঠানসমূহৰ অৱদানৰ সন্দৰ্ভত তিনিওগৰাকী অর্থনীতিবিদৰ গৱেষণাক প্ৰশংকা কৰে৷

October 10, 2024 8:24 PM

views 83

দক্ষিণ কোৰিয়াৰ সাহিত্যিক হান কাঙলৈ ২০২৪ বৰ্ষৰ সাহিত্যৰ নবেল বঁটা

দক্ষিণ কোৰিয়াৰ লেখিকা হান কাঙলৈ ২০২৪ বৰ্ষৰ সাহিত্যৰ ন'বেল বঁটা আগবঢ়োৱা হৈছে। লেখিকাগৰাকীক কাব্যাত্মক গদ্যৰ বাবে এই সন্মানেৰে বিভূষিত কৰা হৈছে। তেওঁ লিখা কেইখনমান প্ৰসিদ্ধ গ্ৰন্থৰ ভিতৰত দি ভেজিটেৰিয়ান, দ্যা হোৱাইট বুক, হিউমেন এক্টছ আৰু গ্ৰীক লেচনছ অন্যতম। হান কাঙে ১৯৭০ চনত দক্ষিণ কোৰিয়াৰ গোৱাং জু চহৰত জন্মলাভ কৰিছিল যদিও ৯ বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে ছিউললৈ গৈছিল। লিখা-মেলাৰ লগতে শিল্প আৰু সংগীতৰ সৈতেও তেওঁ জড়িত। ১৯৯৩ চনত কবিতা প্ৰকাশ কৰি নিজৰ সাহিত্যৰ যাত্ৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হান কা...

October 9, 2024 9:17 PM

views 61

২০২৪ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা

প্ৰ'টিনৰ গাথনিৰ পুৰ্বাণুমান আৰু বিকাশৰ ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য সাফল্যৰ বাবে ডেভিদ বেকাৰ, দেমিজ হাচাবীজ আৰু জন জাম্পাৰলৈ ২০২৪ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। ৰয়েল চুইদিজ একাডেমী অৱ চায়েন্সে আজি এই বিষয়ে ঘোষণা কৰে। একাডেমীয়ে কৈছে যে, ডেভিদ বেকাৰে সম্পূৰ্ণৰূপে নতুন প্ৰকাৰৰ প্ৰটিন বিকশাই তোলাৰ বিপৰীতে জন জাম্পাৰ, ডেমিজ হাচাবীজে প্ৰটিনৰ জটিল গাঠনিৰ পুৰ্বাণুমানৰ ক্ষেত্ৰত ৫০ বছৰ পুৰণি সমস্যাৰ সমাধান কৰাৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ আৰ্হি বিকশাই তুলিছে। শ্রীবেকাৰ আমেৰিকা যুক্তৰাষ্ট...

October 9, 2024 7:33 PM

views 54

২০২৪ বৰ্ষৰ বাবে ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা

ৰয়েল ছুইডিজ একাডেমী অৱ ছায়েন্সে আজি ২০২৪ বৰ্ষৰ বাবে ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা কৰে। প্ৰ'টিনৰ গাঁথনিৰ পূৰ্বানুমান আৰু বিকাশৰ ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য সাফল্যৰ বাবে তিনিগৰাকী বিজ্ঞানী ডেভিদ বেকাৰ, ডেমিজ হাচাবীজ আৰু জন জাম্পাৰলৈ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হয়।

October 8, 2024 6:37 PM

views 58

২০২৪ চনৰ পদাৰ্থ বিজ্ঞান ন’বেল বঁটা ঘোষণা

জন এছ হপফিল্ড আৰু জেফ্ৰি ই হিণ্টনলৈ কৃত্ৰিম স্নায়ু নেটৱৰ্কৰ জৰিয়তে যন্ত্র শিক্ষণক কার্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৪ চনৰ পদাৰ্থ বিজ্ঞান ন'বেল বঁটা ঘোষণা কৰা হৈছে। দুয়োগৰাকী ন'বেল প্রাপকে আধুনিক সময়ৰ শক্তিশালী যন্ত্ৰ শিক্ষণৰ ভেটি গঢ়াৰ বাবে পদার্থ বিদ্যাৰ আহিলাৰ সহায় লৈ নিৰ্দিষ্ট পদ্ধতি বিকশাই তুলিছিল।