ফ্ৰান্সৰ হেনৰী বি কাগান আৰু জাপানৰ কেঙ্গো ছোৱাইলৈ ২০২৬ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা

ফ্ৰান্সৰ হেনৰী বি কাগান আৰু জাপানৰ কেঙ্গো ছোৱাইলৈ ২০২৬ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়াইছে। ৰয়েল ছুইডিছ একাডেমী অব ছায়েন্সে আজি প্ৰকাশ কৰা মতে অ-সমমিত জৈৱ সংশ্লেষণত অৰৈখিক প্ৰভাৱ আৰু স্থানুঘটন আৱিস্কাৰৰ বাবে ৰসায়ন বিজ্ঞানী দুগৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে।

স্বতঃস্ফূর্তভাবে পাৰমাণবিক অপ্রতিসমতা অথবা সমৰূপ গঠনৰ ৰহস্য ভেদ কৰাৰ বাবে বিজ্ঞানী দুগৰাকীক এই সন্মানেৰে বিভূষিত কৰা হৈছে। এমিন’ এচিডকে ধৰি ভালেমান যৌগ দ্বৈত দাপোণ প্রতিৱিম্বৰ ৰূপত পোৱা যায়।

বিজ্ঞানীদ্বয়ে কোনো ৰাসায়নিক প্ৰক্ৰিয়াৰ সময়ত দাপোণ প্রতিৱিম্বৰ দৰে একে ধৰণৰ দুটা অনুৰ মাজৰ পৰা এক প্ৰকাৰৰ অনুহে কিদৰে গঠন হয় সেই ৰহস্য ভেদ কৰিবলৈ সমৰ্থ হৈছে। এই আৱিস্কাৰে ঔষধসহ ভালেমান ৰসায়ন প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। শ্ৰীহেনৰীয়ে ১৯৮৬ চনত ৰাসায়নিক বিক্রিয়া নিয়ন্ত্ৰণ কৰাৰ নতুন উপায় আৱিস্কাৰ কৰিছিল।

ইয়াৰ জৰিয়তে দাপোণ প্রতিৱিম্বৰ ভিতৰত এটা প্ৰকাৰহে গঠন কৰাৰ পথ প্ৰশস্ত হৈছিল। বিজ্ঞানীগৰাকীৰ এই আৱিস্কাৰে আধুনিক ৰসায়ন বিজ্ঞানত বিশেষকৈ ভেষজ খণ্ডত ৰূপান্তৰৰ সূচনা কৰিছে আৰু ইয়াৰ ফলত ঔষধ, সুগন্ধি আৰু নতুন সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে ৰাসায়নিক বিক্ৰিয়া বিকশাই তুলিব পৰা হৈছে।

শ্রীকেন্সোই এই কাম আগুৱাই নিছে। বিজ্ঞানীগৰাকীৰ সম্ভাৱ্য দাপোণ প্রতিৱিম্বৰ ভিতৰত একপ্ৰকাৰৰ প্ৰতিৱিম্বহে গঠন হোৱা ৰাসায়নিক বিক্ৰিয়া বিকশাই তুলিছে। তেওঁৰ এই প্ৰক্ৰিয়াৰ জৰিয়তে গঠন হোৱা অনুসমূহে ভৱিষ্যতে একে ধৰণৰ অনু গঠনত সহায় কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।