ধাৱীয় জৈৱিক পৰিকাঠামোৰ বিকাশৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। চুচুমু কিটাগাৱা, ৰিছাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘি নামৰ এই বিজ্ঞানীকেইগৰাকীয়ে গেছ আৰু অন্য ৰসায়ন প্ৰৱাহিত হ’ব পৰা বৃহৎ ব্যৱধানবিশিষ্ট আণৱিক পৰিকাঠামো বিকশাই তুলিছে। চুচুমু কিটাগাৱা জাপানৰ ক্যটো বিশ্ববিদ্যালয়ৰ অধ্যাপক। ৰিছাৰ্ড ৰবছন অষ্ট্ৰেলিয়াৰ মেলবর্ণ বিশ্ববিদ্যালয়ৰ আৰু ওমৰ এম য়াঘিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে কৰ্মৰত হৈ আছে। বিজ্ঞানী তিনিগৰাকীক ১ কোটি ১০ লাখ ছুইচ ক্ৰ’নাৰেৰে পুৰস্কৃত কৰা হ’ব।
Assamese | October 8, 2025 8:22 PM | Akashvani | Akashvani News | Nobel Award
আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়াৰ তিনিগৰাকী বিজ্ঞানীলৈ ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা