আজি বিশ্ব কপাহ দিৱস। গোলকীয় অর্থনীতি, সামাজিক আৰু পৰিৱেশত কপাহৰ গুৰুত্বৰ প্রয়োজনীয়তা উপলব্ধি কৰি প্ৰতিবছৰে ৭ অক্টোবৰত এই দিৱস পালন কৰি অহা হৈছে।
এইবেলি এই দিৱসৰ বিষয়বস্তু হৈছেঃ ‘‘Cotton for Good: Building Prosperity Through Trade, Transformation and Partnership’’। এটা ভিডিঅ’ বার্তা সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে এই খণ্ডৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকীকে কপাহ দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।
তেওঁ কয় যে এই দিৱসৰ জৰিয়তে কপাহ খেতিয়কসকলক সন্মান জনোৱা হয়। কপাহৰ কৃষিকাৰ্যৰে কৃষকসকলে বিভিন্ন খণ্ডত বিশেষকৈ সূতা মিল, বস্ত্র উৎপাদন গোট আৰু বস্ত্ৰ কাৰখানাসমূহত সংস্থাপনৰ সৃষ্টি কৰিছে।
তেওঁ কয় যে দেশৰ ৬০ লাখ খেতিয়ক কপাহ উৎপাদনৰ ক্ষেত্ৰখনত নিয়োজিত হৈ আছে। একেদৰে হস্ত শিল্পজাত উদ্যোগত অসংখ্য ক্ষুদ্র উদ্যোগী জড়িত হৈ থকাৰ লগতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ দেশত বিক্ৰী হোৱাৰ লগতে বিদেশলৈও ৰপ্তানি কৰা হয়।