প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্রীয় মন্ত্রীসভাই আজি প্ৰধানমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে শ্রীমোদীয়ে ২০০১ চনৰ ৭ অক্টোবৰত প্ৰথম বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ ২০১৪ চনত দেশৰ প্রধানমন্ত্রী হিচাপে নির্বাচিত হয়।
কাইলৈ শ্ৰীমোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী মোদীৰ এই ২৫ বছৰীয়া কাৰ্যকালত দেশৰ গণতন্ত্ৰৰ শক্তি বুলি অভিহিত কৰিছে। তেওঁ কয় যে এটা সাধাৰণ পৰিয়ালৰ পৰা অহা শ্ৰীমোদীয়ে ৰাষ্ট্ৰৰ কল্যাণৰ বাবে নিজকে সমৰ্পিত কৰাটো গণতন্ত্ৰৰ সজীৱতা আৰু পৰিপক্বতাৰ উদাহৰণ। শ্রীবৈষ্ণৱে লগতে কয় যে ২৫ বছৰৰ বাবে চৰকাৰৰ মুৰববী হিচাপে নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে যিকোনো গণতান্ত্রিক দেশৰ ভিতৰতে ইতিহাস ৰচনা কৰিছে।
বিশ্বত বহু কম দেশ আছে, য’ত জনসাধাৰণে এজন ব্যক্তিকে দীৰ্ঘদিনৰ বাবে নিজৰ নেতা নির্বাচন কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ কাম কৰাৰ স্পৃহা, সততা তথা স্পষ্ট চিন্তাধাৰাৰ বাবে তেওঁক জনসাধাৰণে নির্বাচন কৰিছে। স্পষ্ট উদ্দেশ্য আৰু স্পষ্ট নীতিৰে ভাৰতীয় জনতা পাৰ্টী তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা, ৰাষ্ট্ৰসেৱা আৰু ৰাষ্ট্ৰ প্ৰথম নীতি অনুসৰণ কৰি কাম কৰি আহিছে।
শ্রীবৈষ্ণৱে লগতে কেবিনেটৰ এই প্ৰস্তাৱৰ ১০টা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোকপাত কৰে। ইয়াৰ প্ৰথমটো বিষয় হৈছে গুজৰাটৰ পৰা সমগ্ৰ দেশলৈ উন্নয়নৰ দৃষ্টিভংগীৰ সম্প্ৰসাৰণ কৰা। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ কাম আৰু নীতিৰ জৰিয়তে গুজৰাটত কেইবাটাও পৰিৱৰ্তন সাধন কৰিছিল, যাৰ বাবে তেওঁক সমগ্ৰ বিশ্বতে সন্মান জনোৱা হৈছে।