বেনিন মহানগৰৰ পৰা লাগোচলৈ যাত্ৰা কৰা নাইজেৰিয়াৰ এখন সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৩২ গৰাকী লোকৰ মৃত্যু হয়।
ইয়াৰে ২৫ গৰাকী যাত্ৰী আৰু ৭ গৰাকী বিমানৰ কৰ্মী আছিল। ৰাষ্ট্ৰপতি বলা টিনুবুয়ে এইকথা নিশ্চিত কৰিছে আৰু তেওঁ নাইজেৰিয়ান বিমান বাহিনীক এই দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে।
বিমান পৰিবহন মন্ত্রী ফেষ্টছ কেয়ামোৰ মতে দুৰ্ঘটনাৰ সময়ত এই বিমানখনে নিয়মীয়া অভিযানত যোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনা সংঘটিত হয়। পাছত বিমানখন নাইজেৰিয়াৰ দক্ষিণ-পশ্চিম অঞ্চলৰ উপকূলীয় চহৰ ইগবোক’ৰাত পতিত হয়।