October 23, 2026 1:35 PM | Dakhin salmara

printer

দক্ষিণ শালমাৰাৰ কালাপানী এলেকাৰ বৰবিলাত আজি তিনিটা বনমেকুৰীৰ পোৱালী উদ্ধাৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী এলেকাৰ বৰবিলাত আজি তিনিটা বনমেকুৰীৰ পোৱালী উদ্ধাৰ কৰা হয়। অঞ্চলটোৰ কবৰ পৰিচালনা সমিতিয়ে কবৰস্থান পৰিষ্কাৰ কৰি থকাৰ সময়ত পোৱালিকেইটাক প্ৰত্যক্ষ কৰি সুকলমে উদ্ধাৰ কৰে আৰু পাছত বন বিভাগক খবৰ দিয়ে। হাটশিঙিমাৰী বন বিভাগৰ দল কবৰস্থানত উপস্থিত হৈ পোৱালিকেইটা নিজৰ জিম্মালৈ লয় আৰু পশু চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱায়। উদ্ধাৰ কৰা বন মেকুৰীৰ পোৱালিকেইটা ধুবুৰীলৈ প্ৰেৰণ কৰা হ’ব বুলি হাটশিঙিমাৰী বন বিভাগৰ উপ-সংমণ্ডল বিষয়াই জানিবলৈ দিয়ে।