July 13, 2026 6:56 PM

views 29

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত এ আই এফ আঁচনি সন্দৰ্ভত এখন সজাগতা সভা

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত আজি কৃষি আন্তঃগাঁথনি পুঁজি চমুকৈ এ আই এফ আঁচনি সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত কৃষকসকলক এ আই এফ আঁচনিৰ সুবিধা, আবেদন পদ্ধতা, আৰু এই আঁচনিৰ জৰিয়তে লাভ কৰিব পৰা সুবিধাসমূহৰ বিষয়ে অৱগত কোৱা হয়। অনুষ্ঠানত কৃষক, কৃষক উৎপাদক সংগঠন আৰু কৃষি উদ্যমীসকলে অংশগ্ৰহণ কৰে। ভার্চুৱেল মাত বিনিময়ৰ জৰিয়তে কৃষকসকলে আঁচনিৰ বিভিন্ন বিষয় সন্দৰ্ভত জানিবলৈ সুবিধা লাভ কৰে। জিলা কৃষি বিষয়া আৰু কৃষি অভিযন্তাই কৃষকসকলক কৃষি আন্তঃগাঁথনি উন্নয়ন, শস্য...

November 10, 2025 7:30 PM

views 63

দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ অভিযানত ৫ খন সোণৰ বিস্কুট আৰু অলংকাৰসহ ৩ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে যোৱানিশা ৪টা স্থানত অভিযান চলাই ৫ খন সোণৰ বিস্কুট আৰু অলংকাৰসহ তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে সোণৰ বিস্কুটখিনিৰ মূল্য প্রায় ২৪ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে যোৱানিশা এখন গহণাৰ দোকানৰ লগতে তিনিজন লোকৰ ঘৰত অভিযান চলাই সোণৰ বিস্কুটৰ লগতে নগদ চাৰি লাখ টকা, সোণ-ৰূপৰ অলংকাৰ, এখন মটৰ চাইকেল আৰু ম'বাইল ফোনসহ প্রায় ২৪ লাখ টকাৰ সামগ্রী জব্দ কৰে। ধৃত সৰবৰাহকাৰীকেইজন গুলজাৰ হুছেইন, সুমন আলী আৰু মফিদুল ইছলাম বুলি চিনাক্ত কৰ...

August 11, 2025 11:54 AM

views 57

মানকাচৰত কেইবাটাও কার্যসূচীত অংশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

● সম জিলা উন্নয়নৰ বাৰ্তাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি মানকাচৰত কেইবাটাও কার্যসূচীত অংশ লয়। মন্ত্ৰীগৰাকীয়ে হাটশিঙিমাৰী জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ জিলাখনৰ পথ, খহনীয়া, স্বাস্থ্য সেৱাকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰী মল্লবৰুৱাই জিলাখনত ৰূপায়ণ হোৱা জলজীৱন মিছন আঁচনিৰ দুটা প্ৰকল্পও পৰিদৰ্শন কৰে। তেওঁ লগতে হাটশিঙিমাৰী জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতেও...

May 19, 2025 8:11 PM

views 55

হাটশিঙিমাৰীত পাৰস্পৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰ মুকলি

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি এটা পাৰস্পৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰ মুকলি কৰা হয়। জিলা আৰু ছেছন ন্যায়াধীশ সঞ্জয় হাজৰিকাই আজি এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত স্থাপিত এই পাৰস্পৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰটোৰ জৰিয়তে পাৰিবাৰিক গোচৰসমূহ বাদী আৰু বিবাদী পক্ষই পাৰস্পৰিক আলোচনাৰ জৰিয়তে নিষ্পত্তি কৰিব পাৰিব বুলি আমাৰ মানকাচৰৰ সংবাদদাতাই জনাইছে।

September 9, 2024 5:44 PM

views 91

দেশত নতুনকৈ বলৱৎ হোৱা ৩ খন আইন সন্দৰ্ভত দক্ষিণ শালমৰাত সজাগতা সভা অনুষ্ঠিত

দেশত নতুনকৈ বলৱৎ হোৱা তিনিখন আইনৰ বিষয়ে সাংবাদিকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ দক্ষিণ শালমৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত তিনিখন নতুন আইন ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম সম্পর্কে বিশদভাৱে আলোচনা কৰা হয়। এই আলোচনাত জিলা সত্ৰ ন্যায়াধীশ, জিলা আইনসেৱা প্ৰাধিকাৰীৰ সচিব, লগতে আৰক্ষী বিষয়াসকল উপস্থিত থাকে।