দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি এটা পাৰস্পৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰ মুকলি কৰা হয়। জিলা আৰু ছেছন ন্যায়াধীশ সঞ্জয় হাজৰিকাই আজি এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত স্থাপিত এই পাৰস্পৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰটোৰ জৰিয়তে পাৰিবাৰিক গোচৰসমূহ বাদী আৰু বিবাদী পক্ষই পাৰস্পৰিক আলোচনাৰ জৰিয়তে নিষ্পত্তি কৰিব পাৰিব বুলি আমাৰ মানকাচৰৰ সংবাদদাতাই জনাইছে।
Assamese | May 19, 2025 8:11 PM | Akashvani News | Dakhin salmara
হাটশিঙিমাৰীত পাৰস্পৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰ মুকলি