● সম জিলা উন্নয়নৰ বাৰ্তাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি মানকাচৰত কেইবাটাও কার্যসূচীত অংশ লয়। মন্ত্ৰীগৰাকীয়ে হাটশিঙিমাৰী জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ জিলাখনৰ পথ, খহনীয়া, স্বাস্থ্য সেৱাকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰী মল্লবৰুৱাই জিলাখনত ৰূপায়ণ হোৱা জলজীৱন মিছন আঁচনিৰ দুটা প্ৰকল্পও পৰিদৰ্শন কৰে। তেওঁ লগতে হাটশিঙিমাৰী জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতেও মত বিনিময় কৰে। ইয়াৰ পূৰ্বে তেওঁ বাংলাদেশ সীমান্তৱৰ্তী কোক্রাডাংগাত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰি ইয়াৰ প্ৰতিৰোধৰ বাবে অঞ্চলটোত জিঅ’ বেগ স্থাপনকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে।
Assamese | August 11, 2025 11:54 AM | Akashvani Guwahati | Dakhin salmara | Jayanta Malla Baruah
মানকাচৰত কেইবাটাও কার্যসূচীত অংশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ