দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত আজি কৃষি আন্তঃগাঁথনি পুঁজি চমুকৈ এ আই এফ আঁচনি সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়।
সভাত কৃষকসকলক এ আই এফ আঁচনিৰ সুবিধা, আবেদন পদ্ধতা, আৰু এই আঁচনিৰ জৰিয়তে লাভ কৰিব পৰা সুবিধাসমূহৰ বিষয়ে অৱগত কোৱা হয়।
অনুষ্ঠানত কৃষক, কৃষক উৎপাদক সংগঠন আৰু কৃষি উদ্যমীসকলে অংশগ্ৰহণ কৰে। ভার্চুৱেল মাত বিনিময়ৰ জৰিয়তে কৃষকসকলে আঁচনিৰ বিভিন্ন বিষয় সন্দৰ্ভত জানিবলৈ সুবিধা লাভ কৰে।
জিলা কৃষি বিষয়া আৰু কৃষি অভিযন্তাই কৃষকসকলক কৃষি আন্তঃগাঁথনি উন্নয়ন, শস্য সংৰক্ষণ আৰু উৎপাদনৰ পিছৰ ব্যৱস্থাপনা উন্নত কৰিবলৈ এই আই এফ আঁচনিৰ সুবিধা ল’বলৈ আহ্বান
জনায়।