বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিয়ুষ গোৱেলে কয় যে ভাৰতে বর্তমান মুক্ত বাণিজ্য সম্পৰ্কৰ নেটৱৰ্ক নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিছে আৰু ইয়াৰ জৰিয়তে বিশ্ব অর্থনীতিৰ ৭৫ ৰ পৰা ৮০ শতাংশ সামৰি লব পৰা যাব।
চিকাগোত অনুষ্ঠিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতীয় সমুদায়ৰ সংঘই আয়োজন কৰা এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়া বৰ্ষসমূহত ভাৰতে বাণিজ্য ক্ষেত্ৰত আলোচনাৰ জৰিয়তে বহুখিনি আগবাঢ়ি গৈছে আৰু অতি সোনকালে এই দিশত বহুকেইটা নতুন পদক্ষেপ গ্ৰহণ কৰাৰ থল আছে।
তেওঁ লগতে কয় যে ক্রমবর্ধমান এই সুসম্পৰ্কই ভাৰতৰ পৰা আন্তৰ্জাতিক ক্ষেত্ৰত কাম কৰি থকা বহুজাতিক কোম্পানীসমূহে বজাৰ দখল কৰিবলৈ সমৰ্থ হ’ব।
শ্রীগোৱেলে কয় যে ২০১৪ চনৰ পূৰ্বে ভাৰতৰ মুক্ত বাণিজ্য চুক্তিসমূহে আন্তৰ্জাতিক ক্ষেত্ৰৰ মুঠ ঘৰুৱা উৎপাদনৰ ১০ ট্রিলিয়ন ডলাৰৰ অংশ সামৰি লৈছিল। যোৱা ৪ ৰ পৰা ৫ বছৰৰ ভিতৰত এই চুক্তিখনৰ জৰিয়তে ৩১ খন বিকশিত আৰু বিকাশশীল দেশক সামৰি এই পৰিমাণ ৬০ ট্রিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
শ্রীগোৱেলে কয় যে এনেধৰণৰ সিদ্ধান্তৰ জৰিয়তে ভাৰতে আন্তর্জাতিক বজাৰত আৰু ভালদৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হ’ব। মন্ত্ৰীগৰাকীয়ে ভাৰতীয় মূলৰ আমেৰিকাৰ উদ্যমীসকলক ভাৰতৰ এই পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।