October 3, 2026 9:04 PM

views 7

ভাৰতে বর্তমান মুক্ত বাণিজ্য সম্পৰ্কৰ নেটৱৰ্ক নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিছেঃ পিয়ুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিয়ুষ গোৱেলে কয় যে ভাৰতে বর্তমান মুক্ত বাণিজ্য সম্পৰ্কৰ নেটৱৰ্ক নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিছে আৰু ইয়াৰ জৰিয়তে বিশ্ব অর্থনীতিৰ ৭৫ ৰ পৰা ৮০ শতাংশ সামৰি লব পৰা যাব। চিকাগোত অনুষ্ঠিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতীয় সমুদায়ৰ সংঘই আয়োজন কৰা এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়া বৰ্ষসমূহত ভাৰতে বাণিজ্য ক্ষেত্ৰত আলোচনাৰ জৰিয়তে বহুখিনি আগবাঢ়ি গৈছে আৰু অতি সোনকালে এই দিশত বহুকেইটা নতুন পদক্ষেপ গ্ৰহণ কৰাৰ থল আছে। তেওঁ লগতে কয় যে ক্রমবর্ধমান এই সুসম্পৰ্কই ভাৰতৰ পৰা ...

September 25, 2026 11:22 AM

views 7

গোলকীয় অর্থনীতিত ভাৰতৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে : মন্ত্রী পীযূষ গোৱেল

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে কয় যে গোলকীয় অর্থনীতিত ভাৰতৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে ভাৰতৰ গোলকীয় মূল্যশৃংখল আৰু যোগান শৃংখল শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে। নতুন দিল্লীত অনুষ্ঠিত ত্রয়োদশ পি এ এফ আই বার্ষিক ফ'ৰাম ২০২৬ত অংশগ্ৰহণ কৰি মন্ত্রী শ্রীগোৱেলে কয় যে ভাৰতে বাণিজ্য আৰু অর্থনৈতিক অংশীদাৰিত্বৰ ক্ষেত্ৰত বৰ্তমান ভাৰতৰ ৪ ট্রিলিয়ন ডলাৰৰ অৰ্থনীতিৰ পৰা ৩০ ট্রিলিয়ন ডলাৰ অৰ্থনীতিলৈ বৃদ্ধিৰ আশা কৰিছে। শ্রীগোৱেলে কয় যে ক্রয় শক্তিৰ আধাৰত ভাৰতৰ অৰ্থব্যৱস্থা প্রায় ২০ ট্রিলিয়...

September 7, 2026 8:33 PM

views 9

নতুন দিল্লীত ফার্মা মেটচ্ টেক আৰু লেব নেক্সড ২০২৬ উদ্বোধন

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযূষ গোৱেলে আজি দেশখনক বিশ্বৰ ঔষধৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে আন্তর্জাতিকভাৱে স্বাস্থ্য সেৱাৰ উল্লেখযোগ্য স্থান হিচাপে পৰিগণিত কৰাৰ বাবে আহ্বান জনায়। নতুন দিল্লীত ফার্মা মেটচ্ টেক আৰু লেব নেক্সড ২০২৬ উদ্বোধন কৰি শ্রীগোৱেলে স্বাস্থ্য খণ্ডৰ বৰ্ধিত গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে নতুন ঔষধ আৰু শেহতীয়া চিকিৎসা সৰঞ্জামৰ বিকাশ সন্দৰ্ভতো মত প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে দেশৰ মুক্ত বাণিজ্য চুক্তিসমূহৰ জৰিয়তে সৃষ্টি হোৱা সুযোগসমূহ ব্যৱহাৰ কৰিবলৈ এই উদ্যোগৰ সৈতে জড়িত স...

August 19, 2026 6:34 PM

views 20

ভাৰত আৰু ছিংগাপুৰ চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে ছিংগাপুৰলৈ ৰাওনা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল

ভাৰত আৰু ছিংগাপুৰৰ মাজত কাইলৈ হ'বলগীয়া চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল তিনিদিনীয়া ভ্রমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। তেওঁৰ সৈতে দেশ বিভিন্ন উদ্যোগ ক্ষেত্ৰৰ ৭০ গৰাকী আগশাৰীৰ ব্যৱসায়িক নেতাৰ এটা প্রতিনিধি দলো দেশখনলৈ গৈছে। এই দলটোৱে ভাৰত আৰু ছিংগাপুৰৰ অৰ্থনৈতিক আৰু বাণিজ্যিক বান্ধোন শক্তিশালী কৰাৰ বাবে চেষ্টা চলাব। শ্রী গোৱেলে কাইলৈ ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্য্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেলতো অংশ ল'ব। দুয়ো দেশৰ মাজত সৰ্বাত্মক অংশীদ...

July 23, 2026 9:18 PM

views 17

নীট প্ৰশ্নকাকত ফাদিলৰ গোচৰত অভিযুক্তসকল কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিবঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে আজি কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিছে যে, নীট প্ৰশ্নকাকত ফাদিলৰ গোচৰত অভিযুক্তসকল কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। সংসদ চৌহদত সাংবাদিকৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্রীগোৱেলে কয়, যে দেশৰ যুৱক-যুৱতীসকলৰ আশা পূৰণৰ বাবে চৰকাৰে এই বিষয়ত অধিক পদক্ষেপ গ্ৰহণ কৰিব।  এই বিষয়ত বিৰোধীয়ে আলোচনাৰ পৰা পলায়ন কৰাৰ স্থিতিক গৰিহণা দি মন্ত্ৰীগৰাকীয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু অন্যান্য বিৰোধী দলসমূহক শান্তি বৰ্তাই ৰাখিবলৈ আৰু আলোচনাৰ জৰিয়তে সমস্য...

July 10, 2026 7:43 PM

views 13

ৰাষ্ট্ৰীয় উৎপাদনশীলতা পৰিষদ, উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগ আৰু বাণিজ্য বিভাগৰ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলৰ পর্যালোচনা বৈঠক

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় উৎপাদনশীলতা পৰিষদ, উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগ আৰু বাণিজ্য বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা পর্যালোচনা বৈঠকত সভাপতিত্ব কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রীগোৱেলে কয়, যে এই আলোচনাত বিভাগসমূহৰ মাজত সমন্বয় অধিক শক্তিশালী কৰা, প্রতিষ্ঠানসমূহৰ সক্ষমতা বৃদ্ধি কৰা আৰু উৎপাদনশীলতা তথা সেৱা প্ৰদান মান উন্নত কৰিবলৈ আধুনিক পদ্ধতি গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীগৰাকীয়ে সুশৃংখলিত, দক্ষ আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়ত...

July 3, 2026 8:48 PM

views 22

ভাৰতে চলিত বছৰত ১ বিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে : মন্ত্রী পীযুষ গোৱেল

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত ১ বিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। বছৰৰ প্ৰথম ৩টা মাহত প্রায় ১৫ শতাংশ বার্ষিক ৰপ্তানি ইতিমধ্যে হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নতুন দিল্লীত উদ্যোগীসকলৰ সৈতে হোৱা এখন বৈঠকত শ্রীগোৱেলে কয় যে কেন্দ্রীয় চৰকাৰে দেশৰ ৰপ্তানি ব্যৱস্থা অধিক উন্নত কৰি তুলিছে য'ত প্ৰতিখন ৰাজ্য, জিলা, আৰু ঔদ্যোগিক গোটে সমান গুৰুতপূর্ণ বুলি বিবেচনা কৰা হৈছে। তেওঁ কয়, যে দেশৰ অতি ক্ষুদ্র, ক্ষুদ্র, মজলীয়া আৰু বৃহৎ উদ্যোগসমূহেও যাত...

July 2, 2026 8:27 PM

views 24

বিনিয়োগ হৈছে জাপানৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্বৰ মূল চাবিকাঠিঃ পীয়ুষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি কয়, যে বিনিয়োগ হৈছে জাপানৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্বৰ মূল চাবিকাঠি। ইয়াৰ ফলত দ্বিপাক্ষিক চুক্তি অধিক শক্তিশালী হৈ উঠাৰ আশা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। এটা ব্যক্তিগত টেলিভিছন চেনেলে আয়োজন কৰা এছিয়াৰ শতিকাক বিশেষ ৰূপ দিয়াত ভাৰত-জাপানৰ কৌশলগত আলোচনাৰ গুৰুত্ব শীর্ষক এটা অনুষ্ঠানত অংশ লৈ শ্ৰী গোৱেলে কয়, যে ভাৰতৰ দক্ষ কৰ্মীসকলৰ বাবে ইয়াৰ জৰিয়তে বিভিন্ন সা-সুবিধাৰ বাট মুকলি হ'ব। আনহাতে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সকলোৰে...

December 6, 2025 7:55 PM

views 63

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে সাপ্তাহিক আয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিনিয়োগ মঞ্চত প্ৰচাৰ চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ক চৰকাৰৰ খণ্ডন

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে সাপ্তাহিক আয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিনিয়োগ মঞ্চত প্ৰচাৰ চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেছন ব্যুৰ'ৰ তথ্য পৰীক্ষা গোটে ভিডিঅ'টো ডিজিটেল ব্যৱস্থাৰে প্ৰস্তুত কৰা বুলি আৰু চৰকাৰে এনে কোনো আঁচনিৰ প্ৰতি সমর্থন জনোৱা নাই বুলি স্পষ্ট কৰি দিছে। প্ৰেছ ইনফৰমেছন ব্যুৰই জনসাধাৰণক প্রলোভিত কৰাৰ বাবে প্ৰচাৰ কৰা এনে ধৰণৰ বিভ্ৰান্তিকৰ বিনিয়োগ কেলেংকাৰীৰ বিষয়ে সজাগ হৈ থাকিবলৈ নাগৰিকসকলক আহ্বান জনাইছে।

November 24, 2025 8:42 PM

views 51

কানাডা ভ্ৰমণৰ সময়ত অণ্টেৰিঅ’ৰ অৰ্থনৈতিক উন্নয়ন, নিয়োগ সৃষ্টি আৰু বাণিজ্য মন্ত্ৰী ভিক্টৰ ফেডেলীক কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ সাক্ষাৎ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে কানাডা ভ্ৰমণৰ সময়ত অণ্টেৰিঅ'ৰ অৰ্থনৈতিক উন্নয়ন, নিয়োগ সৃষ্টি আৰু বাণিজ্য মন্ত্ৰী ভিক্টৰ ফেডেলীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীগোৱেলে কয় যে তেওঁলোক দুয়োগৰাকীয়ে ভাৰত আৰু কানাডাৰ মাজৰ বাণিজ্য শক্তিশালী কৰাৰ লগতে বিনিয়োগৰ সুযোগ বৃদ্ধি আৰু বিভিন্ন খণ্ডত সহযোগিতা বৃদ্ধি কৰাৰ বিষয়ে বিশদভাৱে আলোচনা কৰে৷