July 23, 2026 9:18 PM | Piyush Goyal

printer

নীট প্ৰশ্নকাকত ফাদিলৰ গোচৰত অভিযুক্তসকল কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিবঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে আজি কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিছে যে, নীট প্ৰশ্নকাকত ফাদিলৰ গোচৰত অভিযুক্তসকল কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব। সংসদ চৌহদত সাংবাদিকৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্রীগোৱেলে কয়, যে দেশৰ যুৱক-যুৱতীসকলৰ আশা পূৰণৰ বাবে চৰকাৰে এই বিষয়ত অধিক পদক্ষেপ গ্ৰহণ কৰিব। 

এই বিষয়ত বিৰোধীয়ে আলোচনাৰ পৰা পলায়ন কৰাৰ স্থিতিক গৰিহণা দি মন্ত্ৰীগৰাকীয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু অন্যান্য বিৰোধী দলসমূহক শান্তি বৰ্তাই ৰাখিবলৈ আৰু আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।