ভাৰত আৰু ছিংগাপুৰ চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে ছিংগাপুৰলৈ ৰাওনা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল

ভাৰত আৰু ছিংগাপুৰৰ মাজত কাইলৈ হ’বলগীয়া চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল তিনিদিনীয়া ভ্রমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। তেওঁৰ সৈতে দেশ বিভিন্ন উদ্যোগ ক্ষেত্ৰৰ ৭০ গৰাকী আগশাৰীৰ ব্যৱসায়িক নেতাৰ এটা প্রতিনিধি দলো দেশখনলৈ গৈছে।

এই দলটোৱে ভাৰত আৰু ছিংগাপুৰৰ অৰ্থনৈতিক আৰু বাণিজ্যিক বান্ধোন শক্তিশালী কৰাৰ বাবে চেষ্টা চলাব। শ্রী গোৱেলে কাইলৈ ভাৰত-ছিংগাপুৰৰ মন্ত্ৰী পৰ্য্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেলতো অংশ ল’ব। দুয়ো দেশৰ মাজত সৰ্বাত্মক অংশীদাৰিত্ব বৃদ্ধিৰ লক্ষ্যৰে এই মেজমেলৰ আয়োজন কৰা হৈছে। এই কাৰ্য্যসূচীত বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ. জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে কেইবাগৰাকী মন্ত্ৰী তথা বিভিন্ন বিভাগৰ নেতা সকল উপস্থিত থাকিব।

মন্ত্ৰীসকলে ছিংগাপুৰত তেওঁলোকৰ অনুৰূপ দপ্তৰৰ মন্ত্ৰীৰ সৈতে বিভাগীয় বিষয় লৈ আলোচনা কৰিব। শ্ৰী গোৱেলে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেঞ্চ ৰঙকো ইষ্টানাত সাক্ষাৎ কৰিব। মন্ত্ৰীগৰাকীয়ে আন্ত-ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিভিন্ন ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধিৰ সৈতেও বৈঠকত মিলিত হ’ব। উল্লেখযোগ্য যে ২০২২ চেপ্তেম্বৰত দুয়োখন দেশৰ মাজত প্ৰথমবাৰৰ বাবে ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল।