September 7, 2026 8:33 PM | Piyush Goyal

printer

নতুন দিল্লীত ফার্মা মেটচ্ টেক আৰু লেব নেক্সড ২০২৬ উদ্বোধন

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযূষ গোৱেলে আজি দেশখনক বিশ্বৰ ঔষধৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে আন্তর্জাতিকভাৱে স্বাস্থ্য সেৱাৰ উল্লেখযোগ্য স্থান হিচাপে পৰিগণিত কৰাৰ বাবে আহ্বান জনায়। নতুন দিল্লীত ফার্মা মেটচ্ টেক আৰু লেব নেক্সড ২০২৬ উদ্বোধন কৰি শ্রীগোৱেলে স্বাস্থ্য খণ্ডৰ বৰ্ধিত গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে নতুন ঔষধ আৰু শেহতীয়া চিকিৎসা সৰঞ্জামৰ বিকাশ সন্দৰ্ভতো মত প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে দেশৰ মুক্ত বাণিজ্য চুক্তিসমূহৰ জৰিয়তে সৃষ্টি হোৱা সুযোগসমূহ ব্যৱহাৰ কৰিবলৈ এই উদ্যোগৰ সৈতে জড়িত সকললৈ আহ্বান জনায়। শ্রীগোৱেলে দেশৰ বিকাশৰ যাত্ৰাত বৰঙণি যোগাবলৈ সকলো পক্ষলৈ আহ্বান জনোৱাৰ লগতে সকলোৰে বাবে মানসম্পন্ন শিক্ষা, স্বাস্থ্য সেৱা আৰু সা-সুবিধা সুনিশ্চিত কৰাৰ হকে কাম কৰাৰ পোষকতা কৰে। গৱেষণা, ঔষধ তথা চিকিৎসা খণ্ডৰ সা-সৰঞ্জামসমূহৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি শ্রীগোৱেলে এই খণ্ডত আত্ম নিৰ্ভৰশীলতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে যৌথ পদক্ষেপসমূহৰ লগতে ক্রেতা-বিক্রেতাৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ পোষকতা কৰে।