ৰাষ্ট্ৰীয় উৎপাদনশীলতা পৰিষদ, উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগ আৰু বাণিজ্য বিভাগৰ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলৰ পর্যালোচনা বৈঠক

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় উৎপাদনশীলতা পৰিষদ, উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগ আৰু বাণিজ্য বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা পর্যালোচনা বৈঠকত সভাপতিত্ব কৰে।

সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রীগোৱেলে কয়, যে এই আলোচনাত বিভাগসমূহৰ মাজত সমন্বয় অধিক শক্তিশালী কৰা, প্রতিষ্ঠানসমূহৰ সক্ষমতা বৃদ্ধি কৰা আৰু উৎপাদনশীলতা তথা সেৱা প্ৰদান মান উন্নত কৰিবলৈ আধুনিক পদ্ধতি গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰা হয়।

মন্ত্ৰীগৰাকীয়ে সুশৃংখলিত, দক্ষ আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা প্ৰশাসনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰো পৰ্যালোচনা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।